
তেজপুৰঃ আছুৱে অসমীয়া জাতিৰ ৰক্ষাৰ বাবে কংগ্ৰেছৰ অধ্যক্ষ ৰাহুল গান্ধিক লগ ধৰি অনুৰোধ কৰাটো বেয়া হোৱা নায়। ৰাহুল গান্ধীৰ পিতৃ ৰাজীৱ গান্ধীয়ে কৰা অসম চুক্তি ৰূপায়ণ কৰিবলৈ কংগ্ৰেছক এক সুবিধা দি ইমান দিনে চুক্তিখন ৰূপায়ণ নকৰাৰ পাপ মোচনৰ সুবিধা আছুৱে কংগ্ৰেছক দিছে৷ এই মন্তব্য আগবঢ়াইছে আছুৰ প্ৰাক্তন নেতা তথা অ গ পৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়ে।
বুধবাৰে তেজপুৰৰ মিলনপুৰত এটা পথৰ আধাৰশিলা স্থাপন কৰে অ গ পৰ জ্যেষ্ঠ নেতা বৃন্দাবন গোস্বামীয়ে৷ নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত তেওঁ কয় যে আছুৱে কংগ্ৰেছ নেতৃত্বক লগ ধৰাক লৈ বি জে পিয়ে হৈ চৈ লগাই লাভ নায়৷ বি জে পিয়ে অসমীয়াক নিঃশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচিছে তাৰপৰা পৰিত্ৰাণ পাবলৈ হ’লে আছুৱে কংগ্ৰেছক লগ ধৰাটো একো ডাঙৰ কথা নহয়৷