
দক্ষিণ শালমাৰাঃ চৰকাৰে আহে, চৰকাৰ যায়৷ কিন্তু সাধাৰণ মানুহৰ দুৰ্দশা কেতিয়াও অন্ত নপৰে৷ জনসাধাৰণৰ দুৰ্দশাৰ প্ৰতি চকু দিবলৈ আহৰি নাপায় চৰকাৰৰ মন্ত্ৰী-বিধায়ক-সাংসদসকলে৷
চৰকাৰৰ ব্যৰ্থতাৰ ধ্বজা উৰুৱাই তেনেদৰেই পৰি ৰয় ৰাজ্যৰ ভগ্ন ৰাস্তা ঘাট, দলং৷ চৰকাৰৰ কোনো আঁচনিয়ে ঢুকি নপোৱা ৰাজ্যৰ বিভিন্ন অঞ্চলৰ বাট-পথ তথা ভগা দলঙে ৰাইজক জ্বলাকলা খুৱাই আহিছে৷
দুটা দশক ধৰি নৈৰ মাজতে পৰি ৰৈছে এখন দলং৷ পূৰ্বৰ কংগ্ৰেছ, অগপ তথা বৰ্তমানৰ বিজেপি চৰকাৰৰো কোনো আঁচনিয়ে ঢুকি নপোৱা এখন দলঙৰ নাম হৈছে আইৰকাটা দলং৷ নামনি অসমৰ দক্ষিণ শালমাৰা আৰু জলেশ্বৰ সমষ্টি দুটাক সংলগ্ন কৰা এই দলংখনৰ দুই মুৰ ১৯৯৮ চনৰ প্ৰলয়ংকাৰী বানত নৈৰ বুকুত জাহ গৈছিল৷
যাৰ ফলত যোৱা দুটা দশক অঞ্চলটোৰ ৰাইজে যাতায়তৰ বাবে জীয়াতু ভুগীবলগীয়া হৈছে৷ ৰাজ্যত তিনিখন চৰকাৰ পৰিৱৰ্তন হোৱাৰ পিছতো কিন্তু পুনৰ নিৰ্মাণ নহ’ল পূৰ্বে প্ৰলংয়কাৰী বানত বিধ্বস্ত হোৱা আইৰকাটা দলংখন৷
উল্লেখ্য যে, দলংখনৰ পুনৰ নিৰ্মাণৰ বাবে অঞ্চলবাসীয়ে সময়ে সময়ে চৰকাৰৰ ওচৰত আবেদন কৰি অহাৰ পিছতো চৰকাৰে দুটা দশক ধৰি দলংখনৰ পুনৰ মেৰামতিৰ কাম সম্পন্ন কৰা নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজে৷
ইফালে পৰিবৰ্তনকামী চৰকাৰখনে সভাই সমিতিয়ে বাট-পথ তথা ভগা দলঙ সমূহৰ পুনৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ কৰা বুলি টেটু ফালিলেও বাস্তৱপক্ষত এইখন চৰকাৰেও আইৰকাটা দলংখনৰ নিৰ্মাণকাৰ্যত কোনোধৰণৰ গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন কৰিছে অঞ্চলটোৰ ৰাইজে৷
সংখ্যালঘু দৰদী দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক ৱাজেদ আলী চৌধুৰী, জলেশ্বৰ সমষ্টিৰ বিধায়ক ছাহাবুদ্দিন আৰু সাংসদ বদৰুদ্দিন আজমলক ৰাইজে আইৰকাটা দলংখন নিৰ্মাণৰ বাবে আবেদন জনাই অহাৰ পিছতো গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈছে৷
সংখ্যালঘুৰ উন্নয়নৰ নামত ঘৰিয়ালৰ চকুপানী টুকা তিনি নেতাই দলংখন নিৰ্মাণ কৰিব নোৱাৰাত এয়া বিধায়ক-সাংসদৰ চৰম ব্যৰ্থতা বুলি অভিহিত কৰিছে ৰাইজে৷
ইফালে মঙলবাৰে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ দক্ষিণ শালমাৰা আঞ্চলিক সমিতিয়ে দক্ষিণ শালমাৰা আৰু জলেশ্বৰ সমষ্টি সংলগ্ন আইৰকাটা দলংখনৰ পুনৰ নিৰ্মাণ কাৰ্য সম্পন্ন কৰি অঞ্চলটোৰ যাতায়ত ব্যৱস্থা সুচল কৰি তুলিবলৈ চৰকাৰৰ ওচৰত দবী উত্থাপন কৰি সংখ্যালঘু দৰদী বদৰুদ্দিন, ৱাজেদ, ছাহাবুদ্দিনক অকৰ্মা ঘোষণা কৰে।