
আমগুৰিঃ উনন্নয়ণৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি শাসনৰ গাডীলৈ অহা অগপ-বিজেপি আৰু বিপিএফ মিত্ৰ জোঁটৰ চৰকাৰ খনে ১৭ মাহ পাৰ কৰিলে যদিও গ্ৰাম্য অঞ্চলৰ উন্নয়ণৰ বাবে গুৰুত্ব আৰোপ নকৰাৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে শিৱসাগৰ জিলাৰ আমগুৰিত এতিয়া উন্নয়নৰ ৰাজনীতি, পৰিৱতৰ্নৰ ৰাজনীতিৰ শ্ল’গান যেন শ্ল‘গান হৈয়ে থাকিল।
আজিও আমগুৰিত ভঙা বাহৰ দলঙেৰ শ-শ লোকে নিতৌ আহ-যাহ কৰিব লগা হয়৷ কণ কণ শিশু, বৃদ্ধ লোকেও ভঙা বাহৰ দলঙেৰ আহ-যাহ কৰিব লগা হয়। পৰিবৰ্তনৰ দোহাই দি শাসনৰ গাদী দখল কৰা চৰকাৰখনে ১৭টা মাহ অতিক্ৰম কৰিলে যদিও এতিয়াও কিন্তু গাঁৱৰ বাট পথ, ভগা দলং বোৰ পূৰ্বৰ দৰেই থাকিল। আমগুৰি সমষ্টিৰে দোপদৰ, গধুলি বজাৰ আৰু জকাইচুককে ধৰি কেইবাটাও মৌজাক সংযোগ কৰা নগা পাহাৰ পৰা নামি অহা বৰছিলা নৈৰ ওপৰত থকা এখন দলং চৰকাৰে নিৰ্মাণ নকৰাত ৰাইজে যমৰ যাতনা ভোগ কৰিব লগা হৈছে।
স্বাধীনোত্তৰ কালৰে পৰা এখন পকী দলঙৰ কাৰণে হাহাকাৰ কৰিব লগীয়া হৈছে অতি পিছ পৰা এইসকল মাউত গাঁও আৰু ৰজাবাম গাঁৱৰ ৰাইজে। বহু চৰকাৰ আহিল, বহু বিধায়ক গ'ল; কিন্তু পৰিৱৰ্তন নহ'ল এই দলংখনৰ। আধাৰশিলাতে ব্যস্ত হৈ থকা বিধায়ক প্ৰদীপ হাজৰিকাই শুভাৰম্ভৰ ফলক সাজিয়েই সামৰিলে এইখন দলঙৰ কাম। কেইবাখনো গাঁও সংযোগ কৰা একমাত্ৰ যোগাযোগ ব্যৱস্থা, এই বিপদজনক মৰণ ফান্দ সদৃশ দলংখনৰ ওপেৰে দৈনিক বিদ্যালয়লৈ অহা যোৱা কৰে বহু ছাত্ৰ-ছাত্ৰী।
বিপদ জনক দলংখনেই হৈছে কেইবাখনো গাঁৱৰ ৰাইজৰ দৈনিক জীৱন যাত্ৰাৰ একমাত্র সম্বল। এই দলংখনৰ নিৰ্মাণৰ বাবে নিৰ্বাচনৰ পূৰ্বে পঞ্চায়তৰ চতুৰ্দশ বিত্তীয় আয়োগৰ পুঁজি অনুমোদন হৈছিল যদিও ৰাজনৈতিক নেতা পালিনেতাৰ হাতত পৰি বহুদিন ধৰি বন্ধ হৈ আছে দলং নিৰ্মাণৰ কাম। ১৫ বছৰৰ বিশ্বাসৰ চৰকাৰখন গ'ল, আৰু ৰাজ্যলৈ আহিলে পৰিৱৰ্তনকামী সোণোৱাল চৰকাৰ। পৰিৱৰ্তনৰ চৰকাৰ দিনতে মিত্ৰজোঁটৰ বিধায়কৰ প্ৰদীপ হাজৰিকাই যোৱা ফেব্ৰুৱাৰী মাহতে ইয়াত শুভাৰম্ভৰ ফলক আঁৰিলে যদিও দলংখনৰ কাম কিন্তু আগ নাবাঢ়িল। ইয়াৰ পাছতো এই দলঙেৰে যাতায়ত কৰা অৱস্থাত বহু কেইজন লোক ইতিমধ্যে আঘাতপ্ৰাপ্ত হৈছে। এই সকলোবোৰ কথা জানিও কিন্তু কোনো কাণসাৰ নাই জনপ্ৰতিনিধি কিম্বা বিষয়া-আমোলাৰ, এই অভিযোগ স্থানীয় ৰাইজৰ।