
newsnextone.com | তেজপুৰঃ ‘সেউজ চতিয়া পৰিস্কাৰ চতিয়া’ বাক্যশাৰী শিৰোগত কৰি সোমবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰত বিধায়ক পদ্ম হাজৰিকাই এক বৃক্ষ ৰোপন কাৰ্য্যসূচী ৰূপায়ন কৰে।
চাৰিদুৱাৰ ইউথ ছ'চাইটিৰ উদ্যোগত আয়োজন কৰা হয় এই কাৰ্য্যসূচীত চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা আৰু শোণিতপুৰ জিলা বন বিষয়া ৰঞ্জিত কোঁৱৰ উপস্থিত থাকি কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে।
উল্লেখ্য যে শোণিতপুৰৰ চতিয়া সমষ্টিৰ অন্তৰ্গত চাৰিদুৱাৰৰ পৰা ভালুকপুং পৰ্য্যন্ত পথৰ দুয়োকাষে মূল্যবান গছপুলি ৰোপন কৰি সেউজী অসম তথা প্ৰদূষণমুক্ত অসম গঢ়াৰ বাবে সকলোকে হাত উজান দিবলৈ বিধায়ক গৰাকীয়ে আহ্বান জনায়।