মুখ্যমন্ত্ৰীৰ ডেড্ লাইন, অসমত পৰে নে কামৰূপৰ গৰৈমাৰী? মথাউৰি নিৰ্মাণ সম্পূৰ্ণ হ’ল নে?

গৰৈমাৰীঃ মথাউৰি নিৰ্মাণৰ বাবে চৰকাৰে বান্ধি দিয়া ডেড্ লাইন কেতিয়াবাই অন্ত পৰিল৷ কিন্তু এতিয়াও অন্ত নপৰিল নৈপৰীয়া মানুহ খিনিৰ দুঃচিন্তা৷ বাৰিষাৰ আগমনৰ লগে লগে পুনৰ এবাৰ নৈৰ বুকুত জাহ যোৱাৰ দুচিন্তাত বিনিদ্ৰ ৰজনী কটাবলগীয়া হৈছে ৰাজ্যৰ কেইবাটাও অঞ্চলৰ নৈপৰীয়া ৰাইজে৷ 

যোৱাবাৰ বানত খেতি মাটি-ভেটি-উচন পৰাৰ পাছত এইবাৰ ৰাইজৰ ভৰষা আছিল পৰিবৰ্তনকামী চৰকাৰ৷ খোদ মূখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই বছৰৰ ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ সকলো চিঙা মথাউৰি নিৰ্মাণ কৰাৰ নিৰ্দেশ দিছিল যদিও বাস্তৱত ৫০ শতাংশও কাৰ্যকৰী নহ’ল এই নিৰ্দেশ৷ 

২৮ এপ্ৰিলত জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল আয়োজন কৰি ৰাজ্যৰ মুঠ ২৬ টা চিঙা মথাউৰিৰ ২৫ টাৰ নিৰ্মাণৰ কামেই সম্পূৰ্ণ হোৱা বুলি দাবী কৰিলেও প্ৰকৃততে এতিয়াও উন্মুক্ত হৈ আছে গোৰেশ্বৰ, নলবাৰী, নগাঁও, ঢেকীয়াজুলি,আমগুৰি আদি অঞ্চলৰ কেইবাটাও চিঙা মথাউৰি৷ 

ইফালে চৰকাৰৰ জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰি সমূহৰ নামত কেৱল বালিৰ পাহাৰ গঢ়ি মথাউৰি নিৰ্মাণৰ বাবে আবন্টিত ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে৷ 

কামৰূপৰ গুমি-নগৰবেৰা-গৰৈমাৰীৰ মথাউৰিটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰতো অভিযোগ উত্থাপন কৰিছে স্থানীয় নৈপৰীয়া ৰাইজে৷ দক্ষিণ কামৰূপৰ জলসম্পদ বিভাগৰ মিৰ্জা উপ-সংমণ্ডলৰ অধীনস্থ গুমি-নগৰবেৰা-গৰৈমাৰী সংযোগী মথাউৰিটোৰ পুনৰ নিৰ্মাণৰ নামত চৰকাৰী ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ 

যাৰ ফলত বাৰিষা অহাৰ লগে লগে নৈৰ বকুত সকলো হেৰুওৱাৰ ভয়ত দিকভ্ৰান্ত হৈ পৰিছে অঞ্চলটোৰ নৈপৰীয়া লোকসকল৷ মথাউৰিটোৰ থায়ে থায়ে সৃষ্টি হোৱা পুখুৰী সদৃশ গাত সমূহে নৈপৰীয়া ৰাইজে দুঃচিন্তাৰে সময়পাৰি কৰিব লগা হৈছে। 

ৰাইজৰ অভিযোগ মতে ২০১৬-১৭ বৰ্ষত চৰকাৰে মথাউৰিটোৰ নিৰ্মাণৰ বাবে প্ৰায় ১৪ কোটি টকা চৰকাৰী পুজিৰ পৰা মোকলাই দিছিল যদিও এচাম দূৰ্নীতিগ্ৰস্থ বিষয়া আৰু ঠাকাদাৰে মথাউৰি নিৰ্মাণৰ নামত আৱন্টিত ধন হস্তগত কৰি মথাউৰি নিৰ্মাণৰ নামত ভেকোঁভাওনাহে কৰিছে বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে৷

উল্লেখ্য যে, জলসম্পদমন্ত্ৰী কেশৱ মহন্ত আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এইবাৰ বিগত বৰ্ষৰ দৰে ৰাজ্যবাসী প্ৰলয়ংকাৰী বানৰ কবলত পৰিব নালাগে বুলি আশ্বাস প্ৰদান কৰিলেও প্ৰকৃতপক্ষে এতিয়াও ৰাজ্যবাসীৰ মনৰ পৰা দূৰ হোৱা নাই আকৌ এবাৰ বানৰ কবলত পৰাৰ শংকা৷ 

বাৰিষাৰ বানৰ কালৰ নৈ পৰীয়াৰ বকুৰ যন্ত্ৰণাৰ কথা উপলব্ধি কৰিয়েই হয়তো ৰাজ্য চৰকাৰে প্ৰতিশ্ৰুতি দিছিল যে আগন্তক বাৰিষাত আৰু কোনো নৈৰ পাৰ নাভাঙে৷ কোনো মানুহেই বাৰিষা হেৰুৱাবলগীয়া নহয় আপোন ঘৰখন৷ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যে ৩০ এপ্ৰিলৰ ভিতৰত সম্পূৰ্ণ হ’ব লাগিব মথাউৰি নিৰ্মাণ৷ 

৩০ এপ্ৰিল পাৰ হৈ মে’ মাহ আৰম্ভ হ’ল৷ ২৫ এপ্ৰিলত ৰাজ্যৰ জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই সংবাদমেল অনুষ্ঠিত কৰি মথাউৰি নিৰ্মাণত হোৱা খৰচৰ তথ্য দাখিল কৰে৷ অহা ৩০ এপ্ৰিলৰ ভিতৰত ৰাজ্যৰ ২৫টা মথাউৰিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰি জলসম্পদমন্ত্ৰীগৰাকীয়ে সংবাদমেলখনত ২৫টা মথাউৰি নিৰ্মাণত হোৱা ব্যয়ৰ পৰিমাণ ৯০ কোটি ৫৩ লাখ টকা বুলি জানিবলৈ দিয়ে৷ মন্ত্ৰীৰ মতে তাৰ মানে ৫ দিনৰ ভিতৰত ১ টা মাথাউৰি এৰি সকলো মথাউৰি নিৰ্মাণ সমাপ্ত হ’ব৷ 

কিন্তু গুৱাহাটীত শীত তাপ নিয়ন্ত্ৰিত কোঠাত বহি কৰা ঘোষণা আৰু জকাইচুকত হোৱা কামৰ খতিয়ানৰ মাজত আকাশ-পাতাল প্ৰাৰ্থক্য থাকে সেয়া সকলোৱে জানে৷ মন্ত্ৰীয়ে কৰা ঘোষণা অনুযায়ী ৰাজ্যত সকলো মথাউৰি নিৰ্মাণ সম্পূৰ্ণ৷ কিন্তু কামৰূপৰ গৰৈমাৰি অসমত নপৰে নেকি বুলি ৰাইজে প্ৰশ্ন উত্থাপন কৰে। ৰাজ্যত আজিও এচপৰা মাটি নপৰা উন্মুক্ত মথাউৰি বহু আজিও আছে৷ মন্ত্ৰীৰ দাবীক হয়তো একপ্ৰকাৰ নস্যাৎ কৰি ৰাজ্যখনৰ মথাউৰিৰ অৱস্থা যে একেবাৰেই তথৈবচ তাকেই প্ৰমাণ কৰিব পৰাকৈ বহু মথাউৰি আজিও উন্মুক্ত হৈ আছে৷