প্ৰধানমন্ত্ৰী মোডীক ‘ছাৰ’ নতুবা ‘সন্মানীয়’ শব্দৰে সম্বোধন নকৰাৰ বাবে শাস্তি BSF জোৱানক

dna
dna

গুৱাহাটীঃ টাইমছ অৱ ইণ্ডিয়াত প্ৰকাশিত খবৰ মতে, প্ৰধানমন্ত্ৰীক ‘ছাৰ’ নতুবা ‘সন্মানীয়’ শব্দৰে সম্বোধন নকৰাৰ বাবে শাস্তিৰ সন্মুখীন হ’ল এগৰাকী বিএছএফ জোৱান৷ প্ৰধানমন্ত্ৰীৰ প্ৰতি অশ্ৰদ্ধা বলি গণ্য কৰি শাস্তি প্ৰদান কৰা হৈছে জোৱান জনক৷

জোৱান জনৰ ৭ দিনৰ দৰমহা কৰ্তন কৰা হৈছে৷ ২১ ফেব্ৰুৱাৰীত পশ্চিম বংগৰ নদিয়াৰ মাহাতপুৰত বিএছএফৰ ১৫নং বেটেলিয়ানৰ সদৰ দপ্তৰত সংঘটিত হৈছে এই ঘটনা৷ নিয়মিয়া পেৰেডত দিনটোৰ কাৰ্যসূচীৰ ৰিপৰ্ট দিয়াৰ সময়ত ‘মোডীৰ প্ৰগেম’ বুলি কয়৷

যাৰ ফলত বেটেলিয়ানৰ কামাণ্ডিং বিষয়া অনুপ লাল ভগতে বিএছএফৰ ৪০নং ধাৰাত জোৱান জনক দোষী সাব্যস্ত কৰে৷ টাইমছ অৱ ইণ্ডিয়াত এই খবৰ প্ৰকাশ পোৱাৰ পিছত ইয়াৰ যুক্তিযুক্ততাক লৈ প্ৰশ্ন উত্থাপন হৈছে৷ একাংশ বিএছএফ জোৱানে লঘু পাপৰ বাবে গুৰু শাস্তি বুলি মত পোষণ কৰিছে৷ ঘটনা সন্দৰ্ভত বিএছএফৰ সঞ্চালক প্ৰধানে এতিয়ালৈ কোনো মন্তব্য প্ৰকাশ কৰা নাই৷