
কোকৰাঝাৰঃ বড়ো সাহিত্য সভাৰ ৬৫ তম প্ৰতিষ্ঠা দিৱস বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে কোকৰাঝাৰ চহৰৰ বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় আৰু বডোলেণ্ড বিশ্ববিদ্যালয় প্ৰাংগনত সুকীয়া সুকীয়াকৈ পালন কৰা পৰিলক্ষিত হয়। বড়োলেণ্ড বিশ্ববিদ্যালয়ত চেণ্টাৰ ফৰ বড়ো ষ্টাডিজৰ উদ্যোগত আৰু বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত বড়ো সাহিত্য সভাৰ উদ্যোগত পালন কৰা হয়।
বড়ো সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত হোৱা ৬৫ তম প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পূৱা সাহিত্য সভাৰ পতাকা উত্তোলনৰে প্ৰতিষ্ঠা দিৱসৰ কৰ্যসূচীৰ শুভাৰম্ভ কৰে বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই৷ ইয়াৰ পিছতে শ্বহীদ সকলৰ স্মৃতিত পুষ্পাৰ্ঘ অৰ্পন কৰে বড়ো সাহিত্য সভাৰ কোকৰাঝাৰ জিলা সমিতিৰ প্ৰাক্তন সভাপতি ৰঞ্জিত কুমাৰ বৰগয়াৰীয়ে৷ উল্লেখ্য যে, বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কোকৰাঝাৰ চহৰত এক বাৰেবৰনীয়া সাংস্কৃতিক শোভাযাত্ৰাও উলিওৱা হয়৷
বিটিচিৰ কাৰ্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই পতাকা জোঁকাৰি সমদলৰ শুভাৰম্ভ কৰে৷ ইফালে অনুষ্ঠানৰ সতে সংগতি ৰাখি দুপৰীয়া এক মুকলি সভাও অনুষ্ঠিত হয়৷ মুকলি সভাত বড়ো সাহিত্য সভাৰ সভাপতি তৰেন বড়োই সভাপতিত্ব কৰে আৰু সভাত আদৰনি ভাষন পাঠ কৰে অভ্যৰ্থনা সমিতিৰ সভাপতি গোপীনাথ বৰগয়াৰীয়ে৷ সভাত বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য দেৰহাছাৎ বসুমতাৰীয়ে বড়ো সাহিত্য সভাৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে প্ৰকাশ কৰি উলিওৱা "থুনলাই ছাননি বিশৌম্বি" নামৰ এখন স্মৰনিকা উন্মোচন কৰে৷
সভাত সাহিত্যৰ দিশত বহুমূলীয়া ভাষন আগবঢ়ায় ক্ৰমে বড়ো সাহিত্য সভাৰ প্ৰাক্তন সভাপতি পদ্মশ্ৰী ড০ কামেশ্বৰ ব্ৰহ্ম, সাহিত্য অকাডেমি তথা টেগৰ বঁটাপ্ৰাপ্ত ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম, কোকৰাঝাৰ ইউ এন একাডেমিৰ অধ্যক্ষ কৃষ্ণ গোপাল, বিটিচিৰ শিক্ষা বিভাগৰ সঞ্চালক ৰবিশংকৰ বৰগয়াৰী, সমাজ কৰ্মী অৰুন কুমাৰ বৰগয়াৰী, জ্যেষ্ঠ ৰাজনীতিবিদ চৰন নাৰ্জাৰী, সাহিত্য অকাডেমী বটাপ্ৰাপ্ত অঞ্জলী বসুমতাৰী আৰু ড০ মংগল সিং হাজোৱাৰীয়ে৷ সভাত বিভিন্ন স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ উপৰিও বিভিন্ন প্ৰান্তৰ ৩/৪ সহস্ৰাধিক ৰাইজৰ উপৰিও বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
ইপিনে বড়োলেণ্ড বিশ্ববিদ্যালয়তো উদযাপিত হোৱা প্ৰতিষ্ঠা দিৱসৰ সতে সংগতি ৰাখি বড়ো সাহিত্য সভাৰ পতাকা উত্তোলন কৰে চিইউডিচিৰ সঞ্চালক ড০ দীননাথ বসুমতাৰীয়ে। ইয়াৰ পিছতে সুনীতি কুমাৰ চেটাৰ্জী মেমোৰিয়েল লেকচাৰ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই। আনহাতে বডোলেণ্ড বিশ্ববিদ্যালয়ত অনুষ্ঠিত হোৱা অনুষ্ঠানত বিশ্ব বড়ো ইতিহাস চচাইটিৰ নেতা হীৰাচৰণ নাৰ্জিনাৰীয়ে বড়ো ভাষাৰ পূৰ্বে অসমীয়া আৰু বেংগলী ভাষাৰ কোনো অস্তিত্বই নাছিল বুলি মন্তব্য কৰে।