
কোকৰাঝাৰঃ বিটিএডিত ভূমি নীতি আৰু সংৰক্ষিত শ্ৰেণীৰ মৰ্যদা সন্দৰ্ভত বিটিচিয়ে গ্ৰহণ কৰা খছৰা প্ৰস্তাৱৰ পিছেতই উদ্ভৱ হোৱা অগ্নিগৰ্ভ পৰিস্থিতি ক্ৰমান্বয়ে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছে যদিও বৰ্তমানেও চেপা উত্তেজনাই বিৰাজ কৰিছে।শুকুৰবাৰে অবড়ো সুৰক্ষা সমিতিয়ে বিটিচি চুক্তি পুনৰীক্ষণৰ দাবীত আহ্বান জনোৱা ৩৬ ঘণ্টীয়া অসম বন্ধৰ সময়ছোৱাতে বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত ইউনাইটেড অৰ্গেনাইজেচন কৰ্ডিনেচন কমিটিৰ নেতৃবৰ্গৰ সতে এক আলোচনাত মিলিত হয়।
ইউনাইটেড অৰ্গানাইজেচন কৰ্ডিনেচন কমিটিৰ অন্তৰ্গত কোঁচ-ৰাজবংশী ছাত্ৰ সন্থা, সদৌ নাথ যোগী ছাত্ৰ সন্থা, সদৌ আদিৱাসী ছাত্ৰ সন্থা, সদৌ গোৰ্খা ছাত্ৰ সন্থা আৰু সদৌ চাওতাল ছাত্ৰ সন্থা আৰু বিটিএডি নাথ যোগী সন্মিলনীৰ কেন্দ্ৰীয় প্ৰতিনিধিবৰ্গৰে শুকুৰবাৰে ১১:৩০ বজাৰ পৰা বিটিচি সচিবালয়লৰ প্ৰেক্ষাগৃহত আৰম্ভ হোৱা বৈঠকত সকলো দল সংগঠনৰ নেতৃবৰ্গই তথা ইউনাইটেড অৰ্গানাইজেচন কৰ্ডিনেচন কমিটিৰ মুখ্য আহ্বায়ক হিতেশ্বৰ বৰ্মনে ভূমি অধিকাৰ অক্ষুণ্ণ থকাৰ দাবী উত্থাপন কৰি বিটিচিত ৰাজনৈতিক অধিকাৰৰ দাবী তুলে৷
ভূমি আৰু ৰাজনৈতিক অধিকাৰ অবিহনে বিটিচিত সম উন্নয়ন, সমঅধিকাৰ সম্ভৱ নহয় বুলি উল্লেখ কৰি ইউনাইটেড অৰ্গানাইজেচন কৰ্ডিনেচন কমিটিৰ মুখ্য আহ্বায়ক হিতেশ্বৰ বৰ্মনে কেন্দ্ৰীয় , ৰাজ্য আৰু বিটিচিক লৈ ত্ৰিপাক্ষিক বৈঠকৰ দাবী উত্থাপন কৰিছে। তদুপৰি সংৰক্ষিত শ্ৰেণীৰ মৰ্যদাপ্ৰাপ্ত কেউটা জনগোষ্ঠীৰ অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত আপোচ কৰা নহ’ব বুলি উল্লেখ কৰিছে হিতেশ্বৰ বৰ্মনে।
পৰিস্থিতি সম্পূৰ্ণ স্বাভাৱিক কৰা আৰু ভুল বুজাবুজি আঁতৰ কৰাৰ স্বাৰ্থত শুকুৰবাৰে হাগ্ৰামা মহিলাৰীয়ে বিটিচি সচিবালয়ৰ প্ৰেক্ষাগৃহত ইউনাইটেড অৰ্গানাইজেচন কৰ্ডিনেচন কমিটিৰ নেতৃবৰ্গৰ সতে বৈঠকত অংশগ্ৰহণ কৰি সকলো ভুল বুজাবুজিৰ অন্ত পেলোৱাৰ কামনা কৰি পৰিস্থিতি স্বাভাৱিক কৰাৰ প্ৰচেষ্টাত সকলোকে ব্ৰতী হোৱাৰ আহ্বান জনাইছে।
বিটিচি প্ৰশাসনৰ কাৰো অধিকাৰ খৰ্ব কৰাৰ অভিপ্ৰায় নাই আৰু সংবিধানপ্ৰদত্ত অধিকাৰসমূহ বিটিচিয়ে খৰ্ব কৰিব নোৱাৰে বুলি মন্তব্যৰে হাগ্ৰামা মহিলাৰীয়ে ভাৰতীয় সংবিধানৰ নীতি নিয়ম অনুসৰিয়ে নাগৰিকে অধিকাৰ ভোগ কৰিব বুলি স্পষ্ট কৰি দিয়ে। তদুপৰি বৈঠকৰ অন্তত হাগ্ৰামা মহিলাৰীয়ে বিটিএডিত অজনজাতিৰ সংখ্যা অনুপাতে সমষ্টিৰ সংখ্যা কম বুলি স্বীকাৰ কৰি এইক্ষেত্ৰত বিটিচিৰ সমষ্টি বঢ়োৱাৰ কথা চিন্তা চৰ্চা কৰা বুলি সদৰি কৰিছে।
ছয় জনগোষ্ঠীক জনজাতিকৰণৰ সপক্ষে ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত কৰাৰ বাবে চেষ্টা চলাব বুলি সদৰি কৰাৰ লগতে হাগ্ৰামা মহিলাৰীয়ে শুকুৰবাৰৰ আলোচনাক ফলপ্ৰসু বুলি উল্লেখ কৰি বড়ো-অবড়োৰ বিভাজন নানিবলৈ সকলোৰে প্ৰতি আহ্বান জনাইছে। শুকুৰবাৰৰ বৈঠকত ইউনাইটেড অৰ্গানাইজেচন কৰ্ডিনেচন কমিটিৰ মুখ্য আহ্বায়ক হিতেশ্বৰ বৰ্মন, আক্ৰাছুৰ সভাপতি অৰুণ কুমাৰ ৰায়, সম্পাদক গোকুল বৰ্মন, নাথ যোগী ছাত্ৰ সন্থাৰ অৰবিন্দ নাথ, সদৌ চাওতাল ছাত্ৰ সন্থাৰ সভাপতি চাইমন কিস্কু, সদৌ অাদিৱাসী ছাত্ৰ সন্থাৰ সভাপতি ষ্টিফেন লাক্ৰা, বিটিএডি নাথ যোগী সন্মিলনীৰ সভাপতি প্ৰকাশা নন্দ নাথ আদিকে ধৰি সংগঠনসমূহৰ শীৰ্ষ নেৰ্তৃবৰ্গই অংশগ্ৰহণ কৰে ।
উল্লেখ্য যে শুকুৰবাৰে বিয়লি ৪ বজাত হাগ্ৰামা মহিলাৰীয় সদৌ বিটিচি বেংগলী ফেডাৰেচনৰ সতেও আন এক বৈঠক অনুষ্ঠিত কৰে য’ত সংগঠনটোৰ সভাপতি শ্যামল সৰকাৰকে ধৰি সংগঠনটোৰ আন নেতা কৰ্মী সকল উপস্থিত থাকে ।