
গোৰেশ্বৰঃ জনজাতিৰ সুৰক্ষাৰ বাবে সাংবিধানিকভাৱে স্বীকৃত ৰাজ্যৰ ট্ৰাইবেল বেল্ট আৰু ব্লকৰ জনজাতিৰ ভূমি অজনজাতিৰ নামত কাহানিও পঞ্জীয়ন নহয়। ট্ৰাইবেল বেল্ট আৰু ব্লকত জনজাতিৰ ভূমি অজনজাতিয়ে কিনি পঞ্জীয়ন কৰিব নোৱাৰে যদিও জনজাতিয়ে কিন্তু অজনজাতিৰ ভূমি কিনি পঞ্জীয়ন কৰিব পাৰে। অৱশ্যে অজনজাতিসকলে আন অজনজাতিসকলৰ লগত ভূমি কিনা বেচা কৰিব পাৰে। বিটিচ কৰ্তৃপক্ষই এই নিয়ম অৱলম্বন কৰাৰ পিছতেই জাঙুৰ খাই উঠিছে বিটিচি অঞ্চলত বসবাস কৰা অবড়ো লোকসকল৷ ভূমিৰ অধিকাৰ হেৰুওৱাৰ অভিযোগ উত্থাপন কৰি বিটিচিত অবড়োসকলক সাধাৰণ শ্ৰেণী হিচাপে অন্তৰ্গত কৰা হোৱা কাৰ্যত ক্ষোভিত হৈ পৰিছে দল-সংগঠন।
জনজাতি লোকে অজনজাতি লোকক বা অজনজাতিৰ লোকে অজনজাতিৰ লোকৰ হাতত বিক্ৰী কৰিব নোৱাৰিব ভূমি। বিগত ১২ জানুৱাৰীত বিটিচি পৰিষদৰ কেবিনেট বৈঠকত ভূমি-ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগে ভূমি হস্তান্তৰৰ প্ৰস্তাৱটো উত্থাপিত কৰিছিল। প্ৰস্তাৱযোগে সংৰক্ষিত শ্ৰেণীৰ লোকসকলৰ সংৰক্ষণ বাতিলৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। ফলত সংৰক্ষিত শ্ৰেণীৰ লোকসকলক সাধাৰণ শ্ৰেণীৰ বুলিহে গণ্য কৰা হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইয়াৰ পাছত ৩১ জানুৱাৰীত এই প্ৰস্তাৱত স্বাক্ষৰ কৰিছিল বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে।
বিটিএডি এলেকাত ভূমি অধিকাৰ সম্পৰ্কত হাগ্ৰামা মহিলাৰী প্ৰশাসনে বিটিএডি পৰিষদত যি সিদ্ধান্ত গ্ৰহণ কৰিছে তেনে সিদ্ধান্ত বিভিন্ন জনগোষ্ঠীৰ বাবে গ্ৰহণযোগ্য হ'ব নোৱাৰে। কিয়নো বিটিচি চুক্তিয়ে প্ৰতিটো জনগোষ্ঠীৰ সমবিকাশ, সমঅধিকাৰ, সমউন্নয়নৰ কথা নিশ্চিত কৰিছে। - এই মন্তব্য অবড়ো সুৰক্ষা সমিতিৰ সাধাৰণ সম্পাদক যোগেশ্বৰ কলিতাৰ। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিজ্ঞপ্তিত কলিতাই আজি এনেদৰে কৈছে। বিজ্ঞপ্তিত কোৱা হৈছে যে, হাগ্ৰামা মহিলাৰীয়ে বা বড়ো নেতৃত্বই বড়োৰ বাহিৰে অন্য জনজাতীয় যেনে - শৰণীয়া, ৰাভা, মদাহি, হাজং আদি অজনজাতীয় জনগোষ্ঠীসমূহকো নি:শেষ কৰাৰ ষড়যন্ত্ৰক নামি পৰিছে। ইয়াৰ উদাহৰণ বিটিচি পৰিষদখনৰ গঠন প্ৰক্ৰিয়াতে পোৱা যায়। য'ত এটাও জনজাতিৰ বাবে সংৰক্ষিত আসন সমূহত বিপিএফ দল পৰা এমচিএলএ বাছনি কৰা নাছিল।
বিটিএডি এলেকাৰ পৰা কোচ ৰাজবংশী, নেপালী, চাওঁতাল, নাথযোগী আদি জনগোষ্ঠীয়ে মাটি ক্ৰয় কৰিব নোৱাৰাৰ অধিকাৰ নাইকীয়া কৰাৰ যি সিদ্ধান্ত লৈছে এয়া অনাকাংশিত আৰু অবাঞ্চিত সিদ্ধান্ত বুলি গণ্য কৰিছো। উল্লেখ্য যে দুদিনমান পূৰ্বে মুছলপুৰত বিপিএফ কৰ্মীয়ে নেপালী আৰু মুছলমানে ভূমিৰ অধিকাৰ নাপাব বুলি দম খম দিয়া বাতৰি কাকতত প্ৰকাশ পাইছে। এই সমষ্ট কথা হাগ্ৰামা বাহিনীৰ হিটলাৰী শাসন ব্যৱস্থাৰ নামান্তৰ মাথোন। অবড়ো সকলক বিটিএডিৰ পৰা স্থানান্তৰ কৰাৰ এয়া এক পূৰ্বপৰিকল্পনা। অবড়ো সুৰক্ষা সমিতিয়ে স্পষ্ট কৰি দিছে যে বিটিএডিত সকলো জনগোষ্ঠীয়ে সমঅধিকাৰ পাবই লাগিব। স্পষ্ট কথা যে এই অঞ্চল বড়োসকলৰ আদিম বসতি স্থল নহয়। ইয়াণ্ডাবু সন্ধিৰ বহু বছৰ পিছত চীন-ভূটান আদি অঞ্চলৰ পৰা বিতাড়িত হৈ অহা বড়োসকলক অসমত গোজেই গজালি হ'বলৈ অবড়ো সুৰক্ষা সমিতিয়ে নিদিয়ে বুলি বিজ্ঞপ্তিটোত স্পষ্ট কৰি দিয়া হৈছে ।
ই এম শ্যামচুণ্ডী, বিপিএফ নেতা নিৰেন ৰায়, বাসু উপাধ্যায়, পিতাম্বৰ পাঠক, গোলআখতাৰ বেগমকে আৰম্ভ কৰি যিসকল অবড়ো জনগোষ্ঠীৰ নেতাই বিপিএফৰ লগত ৰাজনীতি কৰি আছে তেওঁলোকে নিজৰ স্থিতি স্পষ্ট কৰক যে ভুমি অধিকাৰ লাগিবনে ৰাজনীতিয়ে কৰি থাকিব। হাগ্ৰামা মহিলাৰীকে ধৰি বড়ো নেতৃত্বই বিটিএডি এলেকাত প্ৰতিটো অবড়ো জনগোষ্ঠীক সকলো অধিকাৰৰ পৰা বঞ্চিত কৰি একো একোটা পংগু জনগোষ্ঠীত পৰিণত কৰিব বিচৰাতে ক্ষান্ত নাথাকি এই অঞ্চলৰ পৰা সকলোকে স্থানান্তৰ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে।
অবড়ো সৰক্ষা সমিতিয়ে সেয়ে ভূমি সম্পৰ্কীয় সিদ্ধান্ত বিটিচি চৰকাৰক প্ৰত্যাহাৰ কৰাৰ বাবে এসপ্তাহ সময় বান্ধি দিছে। লগতে অসমৰ চৰকাৰ লগত যিহেতু বিপিএফ মিত্ৰদল অসম চৰকাৰে হাগ্ৰামা মহিলাৰীক লেকাম ধৰাৰ বাবে আহ্বান জনাইছে। অসমৰ বিটিচি অঞ্চলটোত অসম চৰকাৰৰ অবহেলাৰ বাবে ভাই-ভনী সকল মৰি মৰি জীয়াই আছে। যদি ভূমি সম্পৰ্কীয় এই সিদ্ধান্ত বিটিচি প্ৰশাসনে প্ৰত্যাহাৰ নকৰে অহা মাৰ্চ মাহৰ প্ৰথম ভাগতে এহেজাৰ ঘন্টীয়া অসম বন্ধৰ দৰে কাৰ্যসূচী ল'বলৈ বাধ্য হ'ব বুলি অবড়ো সুৰক্ষা সমিতিয়ে সকীয়াই দিছে। এই বন্ধৰ সময়ছোৱাত হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে চৰকাৰে দায়ী হ'ব। বিটিএডিৰ ভূমি অধিকাৰ সম্পৰ্কত মনে মনে নাথাকি ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক-অৰাজনৈতিক দলক, নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনাইছে অবড়ো সুৰক্ষা সমিতিয়ে ।