
কোকৰাঝাৰঃ চাকৰি নিয়মীয়াকৰণৰ দাবীত অনিৰ্দিষ্টকালিন কৰ্মবিৰতি আৰম্ভ কৰা বডোলেণ্ড পৰিবহন কৰ্মচাৰী সন্থাৰ ধৰ্মঘটে চাৰিদিনত ভৰি দিলে। যোৱা ২৭ মাৰ্চৰ পৰা আৰম্ভ কৰা বডোলেণ্ড পৰিবহন কৰ্মচাৰী সন্থাৰ ধৰ্মঘটে চাৰিদিনত ভৰি দিলে যদিও বিটিচি পৰিবহন বিভাগে সমস্যা সমাধানত কোনো উদ্যোগ নোলোৱাত দুৰণিবটীয়া যাত্ৰীসকলৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে।
বডোলেণ্ড পৰিবহন কৰ্মচাৰী সন্থা চমুকৈ বিটিএছৰ চালক আৰু পৰিচালক সকলে অভিযোগ কৰা মতে তেওঁলোকে মাহেকত মাত্ৰ চাৰি হাজাৰ টকাৰ বিনিময়ত বছৰ বছৰ ধৰি সেৱা আগবঢ়াই আহিছে যদিও বৰ্তমানৰ পৰিস্থিতিত চাৰি হাজাৰ টকাৰ বিনিময়ত সেৱা আগবঢ়োৱা কাৰ্য অসম্ভৱময় কাৰ্য হৈ পৰিছে।
বিটিচিৰ পৰিবহন বিভাগৰ কাৰ্যবাহী সদস্য জগদীশ সৰকাৰে সকলো বি টি এছ কৰ্মচাৰীৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্ৰুতি দিছিল যদিও আজিলৈকে চাকৰি নিয়মীয়াকৰণৰ বাবে কোনোধৰণৰ কাৰ্যপন্থা গ্ৰহণ নকৰিলে বুলি অভিযোগ কৰি চালক-পৰিচালকসকলে দাবী পুৰণ নোহোৱালৈকে কৰ্মবিৰতি অব্যাহত থাকিব বুলি হুংকাৰ প্ৰদান কৰে।