
ওদালগুৰিঃ শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব পূৰ্বে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত থকা বিটিচি অঞ্চলৰ ২৩খন মহাবিদ্যালয়ৰ স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষাসমূহ। পৰীক্ষাৰ পূৰ্বে আশংকাত ভুগিছে স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষাৰ্থীসকল। বডোলেণ্ড বিশ্ববিদ্যালয় আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিসংগতিৰ বাবে পৰীক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে।
বছৰজোৰা বডোলেণ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যপুথি অধ্যয়ণ কৰি বৃহস্পতিবাৰে পৰা আৰম্ভ হ’বলগীয়া পৰীক্ষাৰ বাবে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ নাম এডমিট কাৰ্ডত প্ৰত্যক্ষ কৰি পৰীক্ষাৰ্থীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ ফলত চিন্তিত হৈ পৰিছে হাজাৰ হাজাৰ পৰীক্ষাৰ্থী। কিন্তু ইয়াৰ পাছত মহাবিদ্যালয় সমূহৰ কৰ্তৃপক্ষই কিছুমান বিষয়ৰ পৰীক্ষা পৰৱৰ্তী সময়ত অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ দিয়ে যদিও শিক্ষাৰ্থীসকলৰ মনত থাকি যায় আশংকা।
উল্লেখ্য যে, বিগত ডিচেম্বৰ মাহতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত মহাবিদ্যালয়সমূহৰ স্নাতক প্ৰথম ষান্মাসিকৰ পৰীক্ষাসমূহ অনুষ্ঠিত হৈ যায় যদিও বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত বিটিচি অঞ্চলৰ ২৩খন মহাবিদ্যালয়ত পৰীক্ষা বাতিল কৰা হৈছিল। কিয়নো পূৰ্ৱে বডোলেণ্ড বিশ্ববিদ্যালয়ৰ অন্তৰ্গত ২৩খন মহাবিদ্যালয় বিভিন্ন কাৰিকৰী কাৰণত গুৱাহাটী বিশ্ববিদ্যলয়ৰ অন্তৰ্ভূক্ত কৰা হয়।
ইফালে মহাবিদ্যালয়সমূহত বছৰজোৰা বডোলেণ্ড বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম পঢ়ুৱাই প্ৰথম ষান্মাসিকৰ পৰীক্ষা বডোলেণ্ড বিশ্ববিদ্যালয়ৰেই পাঠ্যপুথিৰে অনুষ্ঠিত হ’ব বুলি মহাবিদ্যালয় কৰ্তৃপক্ষই শিক্ষাৰ্থীক জনাইছিল। কিন্তু ইয়াৰ পাছত এডমিট আনিবলৈ গৈ হতবাক হৈ পৰে ওদালগুৰি মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকল। কিয়নো এডমিটত উল্লেখ আছে শিক্ষাৰ্থীসকলে কোনোদিনে অধ্যয়ণ নকৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ কেতবোৰ বিষয়ৰ নাম।
ফলত ছাত্ৰ-ছাত্ৰীসকল শংকাত ভোগা পৰিলক্ষিত হৈছে। কাৰণ কোনোদিনে অধ্যয়ণ নকৰা বিষয়সমূহত তেওঁলোকে বেক হিচাপে পুনৰ অৱতীৰ্ণ হব লগাতো তেওঁলোকে নিবিচাৰে। অৱশ্যে ইয়াৰ পাছত মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীসকলক কেতবোৰ প্ৰতিশ্ৰুতি দি কয় যে নতুন বিষয়সমূহৰ পৰীক্ষাত অৱতীৰ্ণ হব নিবিচৰা শিক্ষাৰ্থীসকলৰ বাবে পৃথক পৰীক্ষা অনুষ্ঠিত কৰা হ’ব আৰু শিক্ষাৰ্থীসকলৰ মাৰ্কশ্বিত কোনো ধৰণৰ বেক বুলি লিখা নাথাকে।
কিন্তু কৰ্তৃপক্ষৰ প্ৰতিশ্ৰুতিক বিশ্বাসত লব পৰা নাই শিক্ষাৰ্থীসকলে। এনেধৰণৰ সমস্যাক লৈ ওদালগুৰি মহাবিদ্যালয়ত বিৰাজ কৰে হাহাকাৰ পৰিৱেশৰ৷ সমস্যা সমাধানৰ কোনো নিৰ্ভৰযোগ্য সমাধান দিব পৰা নাই মহাবিদ্যালয় কৰ্তৃপক্ষই। বিষয়টো শিক্ষামন্ত্ৰীক গুৰুত্ব সহকাৰে লোৱাৰ আহ্বান জনাইছে শিক্ষাৰ্থীসকলে।