
কোকৰাঝাৰঃ বিটিচি বিধান পৰিষদীয় ভৱনত বুধবাৰৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা বিটিএডিৰ বাজেট অধিবেশনৰ বৃহস্পতিবাৰে সামৰণি পৰে৷ বিটিচিৰ অধ্যক্ষ ত্ৰিদীপ দৈমাৰীয়ে বুধবাৰে পুৱাৰে পৰা বাজেট অধিৱেশন বৃহস্পতিবাৰে পুৱাৰে দ্বিতীয় দিনৰ বাবে আৰম্ভ কৰে৷
বুধবাৰে প্ৰথমদিনটোত সদনৰ মজিয়াত বিটিএডিৰ বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে বিটিএডিৰ ২০১৮-১৯ বৰ্ষৰ বাবে ২৪২৯৮৭.৪৮ লাখ টকাৰ বাজেট উত্থাপন কৰাৰ পিছতেই বৃহস্পতিবাৰে বাজেট চৰ্চা হয়৷
দ্বিতীয়দিনা বাজেটক লৈ অসন্তুষ্টি প্ৰকাশ কৰে বিৰোধীয়ে । উল্লেখ্য যে বিটিএডিৰ বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্য কাৰ্যবাহী সদস্য হাগ্ৰামা মহিলাৰীয়ে কালি বিটিএডিৰ ২০১৮-১৯ বৰ্ষৰ বাবে ২৪২৯৮৭.৪৮ লাখ টকাৰ বাজেট দাখিল কৰাৰ পিছত আজি বিটিচিৰ বিৰোধী দলপতি ৰণগৌৰা নাৰ্জাৰীয়ে বাজেটক লৈ অসন্তুষ্টি প্ৰকাশ কৰে।
বাজেট অধিবেশনৰ অন্তত বিটিচিৰ বিৰোধী দলপতি ৰণগৌৰা নাৰ্জাৰীয়ে বিটিএডিৰ জনগাথঁনি আৰু জনসংখ্যা হিচাপত বিটিচিয়ে ১২ শতাংশ ধনৰাশি পাব লাগে যদিও সেয়া চৰকাৰে মঞ্জুৰ কৰা নাই বুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে।
বিটিচিয়ে আৰম্ভনিৰ পৰা বাজেটৰ ধন হিচাপে ১৮ হাজাৰ কোটি টকা পাব লাগিছিল যদিও ইয়াৰ বিপৰীতে ৰাজ্য চৰকাৰে এতিয়ালৈ কেৱল ৩,৬০০ কোটি টকাহে বাজেটৰ ধন দিয়া বুলি কয়৷
বিটিচিয়ে নিজাববীয়াকৈ ৰাজহ সংগ্ৰহৰ ওপৰত গুৰুত্ব প্ৰদান কৰা উচিত বুলি মন্তব্যৰে অসম চৰকাৰে বিটিচিক মাহী আইৰ দৃষ্টিৰে চোৱা বুলিও অভিযোগ উত্থাপন কৰে ৰণগৌৰাই৷ বিটিচিৰ উন্নয়নৰ প্ৰতি অসম-কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰি সাংবিধানিক ভাৱেও বিটিচি চৰকাৰ কিছু কাম কৰাত ব্যৰ্থ হৈছে বুলি মন্তব্য আগবঢ়ায় ৰণগৌৰা নাৰ্জাৰীয়ে।