বি টি চিত উন্নয়ন কৰিছে কেৱল বিপিএফ দলে, ক’লে কমলী বসুমতাৰী

ডিমাকুছিঃ ‘‘বি টি চি ত উন্নয়ন কৰিছে একমাত্ৰ বিপিএফ দলে৷ বিটিচি হোৱাৰ আগতে উন্নয়ন নোহোৱা অঞ্চল বিপিএফ দলে উন্নয়ন কৰিছে৷ দিছপুৰৰ গাদীত থকা কোনো এখন চৰকাৰে উন্নয়ন কৰা নাছিল এসময়ত বিটিচি অঞ্চল কিন্তু এতিয়া ব্যাপক উন্নয়ন হৈছে৷’’ এনেদৰে মন্তব্য কৰে পানেৰি সমষ্টিৰ বিধায়িকা কমলী বসুমতাৰীয়ে৷

শনিবাৰে পানেৰি সমষ্টিৰ ননৈ চেৰফাং বিটিচি সমষ্টিৰ অন্তৰ্গত কেইবাটাও আঁচনিৰ শুভ উদ্ধোধন কৰি বিধায়িকাগৰাকীয়ে এই মন্তব্য ৰাইজৰ সন্মুখত প্ৰকাশ কৰে৷

বিধায়িকাই পানেৰি সমষ্টিৰ অন্তৰ্গত ভূটান সীমান্তৰ অন্তৰ্গত ৰজাগড়ত স্বাস্থ্য কেন্দ্ৰ মুকলি কৰাৰ লগতে ৰজাগড়-এছএছবি শিবিৰ সংযোগী পথ, নালাপাৰা-ওপৰ-নালাপাৰা সংযোগী পথৰ আধাৰশিলা স্থাপন কৰে৷ 

উক্ত অনুষ্ঠানত ওদালগুৰি জিলা উপায়ুক্ত দিলীপ কুমাৰ দাস, এম চি এল এ সুৰেশ তাঁতী, ওদালগুৰি যুটীয়া স্বাস্থ্য সঞ্চালক, বিপিএফ নেতা ৰঞ্জিত ডেকা, শুকৰাম বড়ো তথা অঞ্চলটোৰ অগনন লোক উপস্থিত থাকে বুলি জানিব পৰা যায়৷