
ওদালগুৰিঃ যোৱা দুটা বছৰ ধৰি তেওলোকে এটা টকাও পোৱা দৰমহাৰ নামত৷ পদুলিমুখত অসমীয়াৰ হেপাঁহৰ বাপতিসাহোন ৰঙালী বিহু। ৰাজ্যত ইতিমধ্যে আৰম্ভ হৈছে ৰঙালীক আদৰাৰ ব্যাপক উচাহ। বিভিন্ন লোকে ইতিমধ্যে বিহুৰ বাবে ভিন্ন ধৰণে যা-যোগাৰ কৰা পৰিলক্ষিত হৈছে৷ আপোন ঘৰ খনৰ পৰা ঘৰৰ পৰা নিলগত থকা লোকসকলে বিহু উপলক্ষে ৰাওনা হৈছে পৰিয়ালৰ মাজত থাকি বিহু উপভোগ কৰিবলৈ। কিন্তু তেওঁলোকৰ হাতত নাই ফুটাকঢ়ি এটাওঁ৷
হয়, বিটিএডি অঞ্চলত কৰ্মৰত টেট' শিক্ষকৰ কথাকেই কৈছো৷ প্ৰতিটো ৰঙালী বিহু কঙালীত পৰিণত হৈ আহিছে তেওঁলোকৰ বাবে। উল্লেখ্য যে, বিগত বিটিচি নিৰ্বাচনৰ পূৰ্বে ২০১৫ বৰ্ষৰ ফেব্ৰুৱাৰী মাহত বিটিচি কৰ্তৃপক্ষই বিটিএডিৰ চাৰিখন জিলাৰ উচ্চ প্ৰাথমিক-নিম্ন প্ৰাথমিক বিদ্যালয়ত নিযুক্তি দিছিল প্ৰায় তিনি সহস্ৰাধিক টেট' শিক্ষকক। প্ৰতি মাহে ৮০০০ টকাৰ বিনিময়ত ৬মাহৰ বাবে নিযুক্তি দিছিল এইসকল বিটিচি টেট' শিক্ষকক।
কিন্তু বিটিচি প্ৰশাসনে প্ৰায় ২০ মাহৰ দৰমহা প্ৰদান কৰা নাছিল টেট শিক্ষকক। বিগত ২০১৭ বৰ্ষৰ অসম চৰকাৰৰ শিক্ষক নিযুক্তিৰ সময়ত এইসকল শিক্ষকৰ প্ৰায় আঢ়ৈ সহস্ৰাধিকে বিটিচিৰ বাহিৰত ৰাজ্যৰ বিভিন্ন প্ৰান্তত ঠিকাভিত্তিক অথবা ষ্টেটপুল হিচাপে নিযুক্তি লাভ কৰিছে যদিও এতিয়াও বিটিচি অঞ্চলত ৰৈ গ'ল প্ৰায় চাৰি শতাধিক কৰ্মৰত টেট' শিক্ষক।
এইসকল শিক্ষকে বিগত ২৭ মাহে দৰমহাৰ নামত লাভ কৰা নাই এটা ফুটাকঢ়িও। ফলত আগন্তুক ৰঙালী বিহু কঙালীত পৰিণত হ'ল এইসকল শিক্ষকৰ। মডেল বিটিচিৰ উন্নয়ণৰ কথা জেহাই ফুৰা বৰ বৰ ভাষণ প্ৰদান কৰি থকা হাগ্ৰামাই শিক্ষকক বিগত তিনিবছৰৰ ভিতৰত ২৭ মাহে দিয়া নাই দৰমহা। ফলত পৰিয়াল পোহ-পাল দিয়াৰ ক্ষেত্ৰত পানীত হাঁহ নচৰা অৱস্থাৰ সৃষ্টি হৈছে শিক্ষকসকলৰ।
উপায়ন্তৰ হৈ একাংশ শিক্ষকে বিদ্যালয়ৰ সময়ত পাঠদান কৰি বিদ্যালয় ছুটীৰ পাছত অন্য কামত নিয়োজিত হোৱা দেখা গৈছে। একাংশই আকৌ দেওবাৰৰ দিনটোত দিন হাজিৰা কৰিবলৈ যোৱা দৃশ্যই বিটিচি চৰকাৰখনৰ ফোপোলা স্বৰূপটো উদঙাই দিছে। জানিব পৰা মতে, বৰ্তমান বিটিচি অঞ্চলত এনে টেট' শিক্ষক কৰ্মৰত অৱস্থাত আছে ৪৭১ গৰাকী আৰু ইয়াৰে সৰ্বাধিক ২১৫ গৰাকী ওদালগুৰি জিলাৰ বিভিন্ন বিদ্যালয়ত কৰ্মৰত অৱস্থাত আছে।
এইসকল শিক্ষকৰ একাংশৰ আকৌ বয়সৰ ঊৰ্ধসীমা ইতিমধ্যে অতিক্ৰম কৰাত চাকৰিৰ ক্ষেত্ৰত সৃষ্টি হৈছে হতাশাৰ। ইপিনে বহু পদ খালী হৈ থকাৰ পাছতো বছৰ বছৰ ধৰি বিটিচিত নিয়মীয়া শিক্ষকৰ পদসমূহো পূৰণ হোৱা নাই। এতিয়া প্ৰশ্ন হয় নিজৰ মেধাৰ বলত টেট' পৰীক্ষাত উত্তীৰ্ণ হৈ চাকৰি লাভ কৰা এইসকল শিক্ষকে ন্যায় লাভ কৰিবনে? এইক্ষেত্ৰত বিটিচি চৰকাৰ, ৰাজ্য চৰকাৰ কিম্বা শিক্ষামন্ত্ৰী ড৹ হিমন্তবিশ্ব শৰ্মাই আগন্তুক দিনত কি পদক্ষেপ গ্ৰহণ কৰে সেয়া হব লক্ষণীয়।
২০১৭ চনৰ ১২ ফেব্ৰুৱাৰীত ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেইজনমান এখন মুকলি চিঠি লিখিছিল৷ তেওঁলোকে এখন চিঠি লিখিছিল৷ তেওঁলোকে চিঠি খন লিখিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰীলৈ৷ তেওঁলোকে কান্দি কাতি দিন পাৰ কৰাৰ কথা প্ৰকাশ কৰিছিল চিঠি খনত৷ তেওঁলোকে জীৱনৰ মূল্যৱান সময় পাৰ কৰিছে মানব সম্পদ গঢ়াৰ নামত৷ কিন্তু তেওঁলোকৰ জীৱনৰ প্ৰতিটো পল এতিয়া হাহাকাৰ কৰি পাৰ কৰিব লগা হৈছে৷ বাতৰিটোৰ সৈতে চিঠি খন পুনৰ সংলগ্ন কৰা হ’ল৷
মুখ্যমন্ত্ৰী মহাশয়লৈ মুকলি চিঠি
তাৰিখ: ১২-০২-২০১৭
মুখ্যমন্ত্ৰী মহাশয়,
নমস্কাৰ গ্ৰহণ কৰিব। ধৃষ্টতা নোহোৱা সত্বেও উপায়ন্তৰ হৈ কিম্বা ক্লান্ত হৈ আমি বিটিচিত টেট শিক্ষকবৃন্দই একলম লিখিলো, ভুল হ'লে মাৰ্জনা কৰিব। প্ৰসংগক্ৰমে বিটিচি পৰিষদৰ কৃপাত ২০১৫ চনৰ ফেব্ৰুৱাৰী মাহৰ ১০ তাৰিখে আমি টেট শিক্ষকৰ নিয়ুক্তি পত্ৰ লাভ কৰিলো। তৎস্বত্বেও দুখৰ বিষয় যে আমি নিষ্ঠাৰে কৰ্তব্য কৰি যোৱাৰ পিছতো আজি পৰ্যন্ত প্ৰায় ২০ মাহ ধৰি দৰমহাৰ ধনৰাশি নাপালো, যাৰ পৰিণতিত আমাৰ চাৰিজন সতীৰ্থই আৰ্থিক সংকটত ভুগি প্ৰাণত্যাগ কৰিলে, কোনোজনে পেটৰ তাড়নাত দৈনন্দিন দিন-হাজিৰা কাম কৰি এবেলা পেট পূৰাইছে। আমি সকলো বিটিচি টেট শিক্ষকবৃন্দই বৰ্তামান 'অভাৱ ৰোগত’ মাৰাত্মক ভাৱে আক্ৰান্ত হৈ মানসিক ভাৰসাম্য হেৰুৱাৰ উপক্ৰম হৈছো। মহাশয় আপুনিয়েই আমাৰ শেষ ভৰসা কিম্বা প্ৰাণকেন্দ্ৰ স্বৰূপ। সেয়ে আমাক উদ্ধাৰ কৰক। নিম্নলিখিত কথাবোৰ সুক্ষ্ম দৃষ্টিৰে চাই ন্যায়ৰ আওতালৈ আনি আমাক এক ইতিবাচক সঁহাৰি জনাওঁক মহাশয়।
(ক) সকলো বিষয়াৰ মৌন নীতিৰ পৰিণতিত, আমি স্বচ্ছতাৰে টেট উত্তীৰ্ণ হৈ নিযুক্তি পোৱাৰ পিছতো ২০ মাহৰ দৰমহা পাবলৈ সক্ষম নহ’লো।
(খ) শিক্ষামন্ত্ৰী মহাশয়ক আমাৰ সমস্যাটো অৱগত কৰিলে বিটিচি চীফ ডাঙৰীয়ালৈ আঙুলিয়াই দিয়ে আৰু বিটিচি চীফ মহাশয়ে শিক্ষামন্ত্ৰীলৈ আঙুলিয়াই, যাৰ পৰিণতিত আমি চৰকাৰী মেৰপাকৰ আওভাও নুবুজি অসহায়, নিৰুপায় হৈ ক্লান্ত হৈ পৰিছোঁ।
(গ) একে নীতি-নিয়মৰে টেট পাছ কৰি নিযুক্তি পোৱা বাকী টেট শিক্ষকসকলে সকলো সুবিধা পায়, কিন্তু আমি তাৰ সামান্য অংশৰ সহাৰিও পৰিষদ বা অসম চৰকাৰৰ পৰা নাপাওঁ ।
(ঘ) বিটিচি পৰিষদে আমাক কৃপা কৰি নিযুক্তি দিলেওঁ দৰমহা দিব নোৱাৰাৰ কাৰণ হিচাপে, আপোনাৰ চৰকাৰে পৰ্যাপ্ত পৰিমাণে পৰিষদক সহায় নকৰা বুলি স্পষ্টীকৰণ দিয়ে মাথোন। পৰিণতিত আমি বাৰম্বাৰ অৱহলিত হৈ ৰওঁ।
(ঙ) R.T.E এক্টমতে SSA পোষ্টত, আমাক উন্নীতকৰণ কৰিব নোৱাৰিলেওঁ, স্কলাৰশ্বিপ লেখীয়া নিৰ্ধাৰিত মাহে ৮০০০ ( আঠহাজাৰ) টকা পাৰিশ্ৰমিকৰ ধনৰাশি দিব নোৱাৰাৰ কি অৱকাশ থাকিব পাৰে, সেয়া বুজিবলৈ আমি অপাৰগ।
সদৌশেষত আমাৰ ভাতমুঠি মুকলি কৰি দিবলৈ আমি বিটিচি টেট শিক্ষকবৃন্দই আপোনাৰ শ্ৰীচৰণত সেৱা ধৰিলো তথা আপোনাৰ দীৰ্ঘায়ু কামনা কৰি ভগৱন্তৰ নাম ললো।
ইতি
বিটিচি টেট শিক্ষকবৃন্দৰ হৈ
নিপন শইকীয়া, তিলক কলিতা, অভিজিত আৰ্য্য, অৰূপজোতি শইকীয়া, জয়প্ৰকাশ বৰুৱা, পৱিত্ৰ বড়ো, সেব্যজ্যোতি শৰ্মা, অপূৰ্ব মেধি