
newsnextone.com | কোকৰাঝাৰঃ অসমীয়া ভাষাৰ গৱেষক ছাত্ৰই পিএইচডি ডিগ্ৰী লাভৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ত ইংৰাজী ভাষাত গৱেষণাপত্ৰ জমা দিবলগীয়া হোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। যি সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ একাডেমিক কাউন্সিলৰ সিদ্ধান্ত মৰ্মে বিশ্ববিদ্যালয়খনত আধুনিক ভাৰতীয় ভাষা বিভাগসমুহ যেনে বড়ো, বাংলা, হিন্দী আদি ভাষাৰ গৱেষণাপত্ৰসমুহ উক্ত ভাষাতে জমা দিব পাৰিব বুলি কোৱা হৈছে তেনে সময়তে কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এনে হঠকাৰী সিদ্ধান্তই গৱেষকসকলক বিব্ৰত কৰি তুলিছে।
উল্লেখ্য যে বড়োলেণ্ড বিশ্ববিদ্যালয়ত অাধুনিক ভাৰতীয় ভাষা তথা অসমীয়া বিভাগৰ গৱেষণাৰত গৱেষকসকলক তেওঁলোকৰ গৱেষণাপত্ৰ ইংৰাজী ভাষাত জমা নিদিলে গৱেষণাপত্ৰ গ্ৰহণ কৰা নহব বুলি সিদ্ধান্ত গ্ৰহণ কৰাত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় । সকলো নীতি নিয়ম ভৰিৰে মোহাৰি অসমীয়া বিভাগত গৱেষণা কৰা গৱেষক সকলক তেওঁলোকৰ গৱেষণাপত্ৰ ইংৰাজী ভাষাত জমা দিবলৈ নিৰ্দেশনা দিয়াৰ আঁৰত বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ কুটিল উদ্দেশ্য নিহিত হৈ আছে বুলি একাংশ গৱেষকে মন্তব্য কৰিছে।
মনকৰিবলগীয়া যে দিল্লী বিশ্ববিদ্যালয়, বিশ্বভাৰতী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয়, উত্তৰ বংগ বিশ্ববিদ্যালয় আদি কোনো এখন বিশ্ববিদ্যালয়তে অসমীয়া বিভাগৰ গৱেষকে অসমীয়া ভাষাৰ পৰিবৰ্তে আন ভাষাত গৱেষণাপত্ৰ জমা দিবলৈ কোৱাৰ কোনো ধৰণৰ নিদেৰ্শনা নাই। বৰঞ্চ গুৱাহাটী বিশ্ববিদ্যালয়ে যোৱা ২৯ জুনত অনুষ্ঠিত একাডেমিক কাউন্সিলৰ সিদ্ধান্তমৰ্মে বিশ্ববিদ্যালয়খনত আধুনিক ভাৰতীয় ভাষা বিভাগসমুহ যেনে বড়ো, বাংলা, হিন্দী আদি ভাষাৰ গৱেষণাপত্ৰসমুহ উক্ত ভাষাতে জমা দিব পাৰিব বুলি কোৱা হৈছে।
কিন্তু ইয়াৰ বিপৰীতে কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ে অসমীয়া ভাষাৰ গৱেষকেও ইংৰাজী ভাষাত নিজৰ গৱেষণাপত্ৰ জমা দিব লাগিব অন্যথা গৱেষণাপত্ৰ গ্ৰহণ কৰা নহব বুলি সিদ্ধান্ত লোৱা কাৰ্যই অসমীয়া ভাষাক যে এলাগী কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে তাকেই প্ৰমাণ কৰিছে বুলি একাংশ গৱেষক মন্তব্য কৰিছে। অকল এয়াই নহয় ইতিমধ্যে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত এমফিল কৰাসকলো একেই দূৰ্গতিৰ সন্মুখীন হৈছে।
এইক্ষেত্ৰত একাংশ গৱেষকে বিষয়টো সন্দৰ্ভত অসম সাহিত্য সভাৰ সভাপতিৰ দৃষ্টিগোচৰ কৰিছিল যদিও ফলাফল শুন্য বুলি জানিব পৰা গৈছে। তদুপৰি সকলো জানি শুনিও সদৌ অসম ছাত্ৰ সন্থাই বিষয়টো সন্দৰ্ভত ৰহস্যজনকভাৱে সম্পূৰ্ণ নীৰৱতা অৱলম্বন কৰিছে। বিটিএডিত অসমীয়া ভাষাৰ প্ৰচলন আৰু প্ৰসাৰণৰ ক্ষেত্ৰত সততে বঞ্চনাৰ অভিযোগ উঠাৰ সময়তে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল জগদীশ মুখীৰ হস্তক্ষেপ একাংশ গৱেষকে কামনা কৰিছে।