বিতৰ্কৰ অন্তত সিদ্ধান্ত, বড়োলেণ্ড বিশ্ববিদ্যালয়ত সংশ্লিষ্ট ভাষাতে জমা দিব পাৰিব গৱেষণা পত্ৰ

কোকৰাঝাৰঃ আধুনিক ভাৰতীয় ভাষা বিভাগৰ গৱেষক ছাত্ৰই পিএইচডি বা এমফিল ডিগ্ৰী লাভৰ বাবে বড়োলেণ্ড বিশ্ববিদ্যালয়ত ইংৰাজী ভাষাত গৱেষণাপত্ৰ জমা দিবলগীয়া হোৱা কাৰ্যই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ পিছত অৱশেষত বিশ্ববিদ্যালয়ৰ ষ্টেণ্ডিং সমিতিৰ এক বৈঠক অনুষ্ঠিত হয়। 

বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ষ্টেণ্ডিং সমিতিৰ বৈঠকত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত পঞ্জীয়ন কৰা গৱেষক ছাত্ৰ-ছাত্ৰীয়ে এতিয়াৰে পৰা ভাষা বিষয়ত সংশ্লিষ্ট ভাষাতে অথবা ইংৰাজীত নিজৰ গৱেষণাপত্ৰ লিখিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে। বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ষ্টেণ্ডিং সমিতিৰ এই সিদ্ধান্ত সন্দৰ্ভত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হেমন্ত কুমাৰ বৰুৱাই বিইউ/ভিচি/২০১৮/৬৫৯ নম্বৰৰ এক জাননী জাৰি কৰি এই কথা সকলো পক্ষকে অৱগত কৰিছে। 

উল্লেখ্য যে, পূৰ্বতে কোকৰাঝাৰস্থিত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ অধীনত পিএইচডি আৰু এমফিল ডিগ্ৰী লাভৰ বাবে অসমীয়া বিভাগৰ গৱেষক সকলে নিজৰ গৱেষণাপত্ৰ অসমীয়াৰ উপৰি ইংৰাজী ভাষাতো জমা দিব লাগিছিল। আনহাতে বড়ো বিভাগৰ গৱেষক ছাত্ৰই নিজৰ গৱেষণাপত্ৰ ইংৰাজী ভাষাত জমা দিব লাগিছিল। 

অথচ গুৱাহাটী বিশ্ববিদ্যালয়ে যোৱা ২৯ জুনত অনুষ্ঠিত একাডেমিক কাউন্সিলৰ সিদ্ধান্তমৰ্মে বিশ্ববিদ্যালয়খনত আধুনিক ভাৰতীয় ভাষা বিভাগসমুহ যেনে বড়ো, বাংলা, হিন্দী আদি ভাষাৰ গৱেষণাপত্ৰসমুহ উক্ত ভাষাতে জমা দিব পাৰিব বুলি সিদ্ধান্ত গ্ৰহণ কৰিছিল।

বড়োলেণ্ড বিশ্ববিদ্যালয়ত ভাষা বিষয়ত গৱেষণাপত্ৰক লৈ বিতৰ্ক সৃষ্টি হোৱাৰ পিছতে ষ্টেণ্ডিং সমিতিৰ বৈঠকে বিষয়বস্তুটো পৰিষ্কাৰ কৰাত এতিয়া সকলো বিতৰ্কৰ অন্ত পৰিব বুলি আশা কৰা হৈছে। তদুপৰি এতিয়াৰে পৰা বড়ো বিভাগৰ গৱেষকও বড়ো ভাষাত আৰু অসমীয়া বিভাগৰ গৱেষকে অসমীয়া ভাষাত নিজ গৱেষণাপত্ৰ জমা দিব পাৰিব বুলি স্পষ্ট হৈ পৰাত একাংশ গৱেষকে স্বস্থিৰ নিশ্বাস পেলাইছে।