সতী ৰাধিকা উৎসৱত উখল-মাখল বটদ্ৰৱা থান

জাজৰিঃ বৌদ্ধ পূৰ্ণিমা দিনটোত গুৰুজনাৰ জন্মস্থান শ্ৰীশ্ৰীবটদ্ৰৱা থানত প্ৰেম আৰু ভাতৃত্বৰ বান্ধোনেৰে এক উৎসৱ মুখৰ পৰিৱেশৰ সৃষ্টি হয়। আনফালে সতী ৰাধিকা উৎসৱ, পূৰ্ণিমা উপলক্ষে বিভিন্ন ধৰ্মীয় কাৰ্যসূচীৰ লগতে সতী ৰাধিকা স্মৃতি ক্ষেত্রত বিভিন্ন প্ৰতিযোগীতা অনুষ্ঠিত হয়।

অনুষ্ঠানত নৰোৱা সত্রৰ সত্রাধিকাৰ দেৱানন্দ দেৱ গোস্বামী, বটদ্ৰৱা থানৰ সাধাৰণ সম্পাদকৰ লগতে অতিথি হিচাবে উপস্থিত থাকে জেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত।