
জাগীৰোডঃ সোমাবাৰে মৰিগাঁও জিলাৰ জাগীৰোডত পথ দুৰ্ঘটনাত এগৰাকী যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি তীব্ৰ উত্তেজনাৰ সৃষ্টি হয়৷ পথ দুৰ্ঘটনা সংঘটিত হোৱাৰ পিছতে একাংশ উত্তেজিত লোকে ঘাই পথত এখন এল্ট’ জ্বলাই দিয়ে৷ ৰাজ পথৰ মাজতে দাউ-দাউকৈ জ্বলি ছাই হৈ যায় এল্ট'খন৷ ইমানে নহয় এল্ট’খনৰ চালকজনক আক্ৰমণৰ লক্ষ্য কৰি লয় যদিও কথমপি প্ৰাণ ৰক্ষা পৰে চালকজনৰ৷
ৰাজ পথতে যেন একাংশ ন্যায়াধীশৰ ভাও জুৰি বিচাৰ হে কৰিলে৷ আনহাতে একাংশ চালকে গুৰু গোসাই নামানি প্ৰায়ে তীব্ৰ গতিত গাড়ী চলোৱাৰ ফলত প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ অহাৰ অভিযোগ উত্থাপন হয় জাগীৰোড় অঞ্চলত৷ জাগীৰোডৰ সমীপৰ কাঁহিকুছিত সংঘটিত পথ দুৰ্ঘটনাত আমিৰ আলি (২২) নামৰ এজন যুৱকৰ থিতাতে মৃত্যু হয়। তীব্ৰ গতিৰে অহা এখন এল্ট'ৱে প্ৰথমে ডিভাইডাৰত খুন্দা মাৰে আৰু নিয়ন্ত্ৰণ হেৰুৱাই পথ পাৰ হ'ব খোজা আমিৰক খুন্দা মাৰে।
আমিৰক খুন্দা মৰাৰ ফলত গুৰুতৰভাৱে আহত হয়৷ লগে লগে একাংশ লোকে জাগীৰোডৰ ন-খোলা আদৰ্শ চিকিৎসালয়লৈ নিয়ে যদিও আমিৰৰ মৃত্যু হয়। যুৱকজনৰ মৃত্যু খবৰ বিয়পি পৰাত উত্তেজিত হৈ পৰে একাংশ লোক আৰু এল্ট’খনত অগ্নি সংযোগ কৰে৷ কিছু সময়ৰ ভিতৰতে জ্বলি ছাই হয় এল্ট’খন৷ পথত তাণ্ডৱ চলি থকাৰ পিছতে বহু পলমকৈ ক্ষেত্ৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
৩৭নং ৰাষ্ট্ৰীয় ঘাইপথত দাউ-দাউকৈ জ্বলি থকা এল্ট’খনৰ জুই সোণাপুৰৰ পৰা অহা অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে অন্তিম অৱস্থাত জুই নুমুৱাই। নিহত যুৱকজন কাঁহিকুছিৰ আমিৰ আলি (২২) বুলি চিনাক্ত কৰিছে। এএছ-০১-বিডি-৫৩৯৮ নম্বৰৰ এল্ট’খন গুৱাহাটীৰ পৰা নগাঁও অভিমুখে আহি আছিল।