হোজাইৰ পশ্চিম নন্দপুৰত অগ্নিকাণ্ড, জাহ গ’ল গৃহ

হোজাইঃ হোজাই জিলাৰ হোজাই চহৰৰ সনীপৰ পশ্চিম নন্দপুৰত মঙলবাৰে অগ্নিকাণ্ড সংঘটিত হৈ এটি পৰিয়ালৰ বিস্তৰ ক্ষতি হয়৷

দুটা গৃহ ভস্মীভূত হোৱাৰ লগতে পৰিয়ালটোৰ সা-সামগ্ৰী, কাপোৰ, ধান-চাউল জুইত জাহ যায়৷ ইন্দ্ৰমণি সিংহ নামৰ লোকজনৰ ঘৰত সংঘটিত হয় এই অগ্নিকাণ্ড।

অগ্নিকাণ্ডত লোকজনৰ ভঁড়ালগৃহ জুইত জাহ যায়। লোকজনৰ ৰান্ধনী গৃহৰ পৰা অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে। অগ্নিকাণ্ডৰ ক্ষয় ক্ষতিৰ পৰিমান প্ৰায় ১ লাখ টকা বুলি অনুমান কৰা হৈছে৷

অগ্নি নিৰ্বাপক বাহিনীৰ দুখন গাড়ীয়ে অগ্নি নিৰ্বাপন কৰিবলৈ সক্ষম হোৱাত বাকী গৃহ সমূহ ৰক্ষা পৰে৷