বালিলেছাৰ কালি মন্দিৰত অগ্নিকাণ্ড

নলবাৰীঃ নলবাৰীৰ বালিলেছাৰ কালি মন্দিৰত বৃহস্পতিবাৰে অগ্নিকাণ্ড সংঘটিত হয়। মন্দিৰৰ ভৰাঁল ঘৰত ধোৱা দেখি মন্দিৰৰ কৰ্মচাৰীয়ে চিঞৰ বাখৰ কৰে৷

স্থানীয় যুৱকৰ লগতে ৰাইজৰ তৎপৰতাত মন্দিৰত জুই নিৰ্বাপন হয়। কিছু সময় পিছত অগ্নি নিৰ্বাপক বাহিনীওঁ উপস্থিত হয়৷ অগ্নিকাণ্ডত মন্দিৰৰ প্ৰায় পাচঁ লাখ টকাৰ সম্পত্তিৰ ক্ষতি হোৱা বুলি জানিব পৰা গৈছে।