মৌখোৱাত খেৰ কঢ়িওৱা ট্ৰেক্টৰত জুই

কোকিলাঃ মাণিকপুৰৰ মৌখোৱা গাঁৱত সোমবাৰে এখন ট্ৰেক্টৰত অগ্নিকাণ্ড সংঘটিত হয়৷ পথাৰৰ পৰা ধান খেৰ কঢ়িয়াই থকাৰ সময়তে ট্ৰেক্টৰ খনত জুই লাগে। জানিব পৰা মতে, পথাৰৰ পৰা খেৰ কঢ়িয়াই আনি থকাৰ সময়তে পথাৰৰ পৰা পতত উঠোতেই বিদ্যুৎ পৰিবাহী তাৰত লাগি ট্ৰেক্টৰ খনত অগ্নিকাণ্ড সংঘটিত হয়৷ ফলত অঞ্চলটোত হুৱাদুৱা লাগে।

অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী আহি আহি ঘটনাস্থলীত পোৱাৰ পূৰ্বে মাণিকপুৰ থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হয়। মাণিকপুৰ থানাৰ আৰক্ষীয়ে নম্বৰবিহীন ট্ৰেক্টৰৰ মালিক তথা পৰিচালকৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে