
নামতিঃ শিৱসাগৰ জিলাৰ নামতিৰ হালোৱাটিঙৰ দেওঁপানীৰ বৰচিলাত বুধবাৰে অগ্নিকাণ্ড সংঘটিত হৈ দুটাকৈ বাসগৃহ সহ বহু সামগ্ৰী জুইত জাহ যায়৷ বৰচিলাৰ আবিদুৰ ৰহমানৰ পৰিয়ালৰ লোকসকলে বিয়া খাবলৈ যোৱাৰ সময়তে পকী ঘৰত অগ্নিকাণ্ড সংঘটিত হয়।
স্থানীয় লোকে প্রত্যক্ষ কৰি হুৱা-দুৱা কৰাত কেইজনমান লোকে অগ্নিনির্বাপক বাহিনীক খবৰ দিয়ে। কিন্ত অগ্নিনির্বাপক বাহিনী ঘটনাস্থলিত পলমকৈ উপস্থিত হোৱাত আবিদুৰ ৰহমানৰ বাসগৃহৰ লগতে গেৰেজত থকা AS-04-AC-2356 আৰু AS-0-2A-3735 নম্বৰৰ দুখন মেজিক সম্পূর্ণ ৰূপে ভস্মিভূত হয়। সমীপৰ ববাটি আলিৰ বাসগৃহৰো যঠেষ্ট ক্ষতি হয়।