
মাৰ্ঘেৰিটাঃ অৱশেষত আলফা স্বাধীনে মুকলি কৰি দিলে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনক৷ সোমাবাৰে মুকলি কৰি দিয়ে অৰুণাভক৷ জানিব পৰা মতে, অৰুণাচলৰ দুৰ্গম লংভী গাঁৱত পাহাৰত মুকলি কৰি দিয়ে ব্যৱসায়ীৰ পুত্ৰ জনক৷
সেনা-আৰক্ষীয়ে খবৰ পোৱা মাত্ৰকে লংভী গাঁৱত উপস্থিত হৈ অৰুণাভক সীমান্তৰ কমিউনিটি হেল্থ চেন্টাৰত ভৰ্তি কৰে৷ জানিব পৰা মতে, অৰুণাভৰ স্বাস্থ্যৰ যঠেষ্ট ক্ষতি হৈছে৷ যোৱা ১৫ ডিচেম্বৰত তিনিচুকীয়া জিলাৰ জাগুণৰ বিশিষ্ট ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনক আলফা স্বাধীনে অপহৰণ কৰিছিল৷ অৰুণাভক উদ্ধাৰৰ বাবে আৰক্ষী-সেনা-অৰ্ধসামৰিক বাহিনীয়ে অভিযান অব্যাহত ৰখাৰ সময়তে আলফা স্বাধীনে মুকলি কৰি দিয়ে অৰুণাভক৷

যোৱা ১৮ ডিচেম্বৰত অৰুণাচল প্ৰদেশৰ চাংলাং জিলাৰ জয়ৰামপুৰ থানাৰ অন্তৰ্গত খান্দু বস্তিৰ পৰা অপহৰণ কৰি নিয়া ব্যৱসায়ী দিলীপ ফুকনৰ পুত্ৰ অৰুণাভ ফুকনক অপহৰণৰ দায়িত্ব স্বীকাৰ কৰে আলফাই। আলফা স্বাধীনৰ নেতা নয়ন মেধি বুলি পৰিচয় দি অপহৃত অৰুণাভৰ পিতৃ দিলীপ ফুকনক ফোন কৰি এই কথা অৱগত কৰে।
অৰুণাভ ফুকনক সুস্থ শৰীৰে আলফাৰ ম্যানমাৰ শিবিৰত ৰখা হৈছে বুলি আলফাৰ নেতা নয়ন মেধীয়ে পৰিয়ালৰ লোকক জানিবলৈ দি অৰুণাভৰ মুক্তিৰ দাবীত দুই কোটি টকাৰ মুক্তিপন বিচাৰে। চতুৰ্থ দিনা অৰুণাভৰ সন্ধানত অসম আৰু অৰুণাচল আৰক্ষীয়ে সীমান্তৱৰ্তী অঞ্চলসমূহত অভিযান তীব্রতৰ কৰাৰ সময়তে অৰুণাভক মুকলি কৰি দিয়ে৷