
ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ চাবুৱা ডিকম নাদুৱাৰ সমাজকৰ্মী বুতন গগৈৰ মৃত্যুত দল-সংগঠনে শোক প্ৰকাশ কৰে৷ সদৌ অসম ছাত্র সন্থাৰ নেতা টুলবুল গগৈৰ পিতৃ বুতন গগৈৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰে৷ মৃত্যুৰ ৬৫ বয়সত মৃত্যুক আকোৱালি লয় বুটন গগৈয়ে৷
তেওৰ মৃত্যুত সদৌ অসম ছাত্র সন্থাৰ ডিব্ৰুগড় জিলাৰ সভাপতি লিখন বৰুৱা, লাহোৱাল প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক ধৰণী গগৈ, অসম যুৱ পৰিষদৰ চাবুৱা সমষ্টিৰ সভাপতি নিপুল কোঁৱৰ, সাংবাদিক সুৰক্ষা মঞ্চৰ ডিব্ৰুগড় জিলাৰ সাধাৰণ সম্পাদক তপন কুমাৰ শইকীয়া, বীৰ লাচিত সেনাৰ ডিব্ৰুগড় জিলাৰ সাংগঠনিক সম্পাদক পূৰণ গগৈৰ লগতে অাছুৰ চাবুৱা অাঞ্চলিক, ছাত্র মুক্তিৰ চাবুৱা আঞ্চলিক, অাছুৰ ডিকম শাখা, ডিকম আঞ্চলিক অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, বীৰ লাচিত সেনাৰ ডিকম অাঞ্চলিক অাৰু ব্যক্তিবিশেষে শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াললৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ মৃ্ত্যুৰ সময়ত গগৈয়ে পত্নী ধৰি এজন পুত্র, চাৰিগৰাকী কন্যাক ইহসংসাৰত এৰি থৈ যায়৷