
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
ছিপাঝাৰঃ অৰ্ধসামৰিক বাহিনী-আৰক্ষী গিজগিজাই থকা মঙলদৈ চহৰৰ পৰা এখন বাইক চুৰি হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, কলাইগাঁৱৰ বৰকুলা বাগিচাৰ মোজাহিদ আলি নামৰ লোকজনে AS-13-G-4574 নম্বৰৰ গ্লেমাৰ বাইকেৰে শনিবাৰে মঙলদৈ চহৰলৈ আহে৷
দিনৰ প্ৰায় ১১ বজাত মঙলদৈ জিলা পুথিভড়াল চৌহদত বাইক ৰখাই থয়৷ কিছু সময় পিছতেই মোজাহিদে বাইক খন থোৱা ঠাইলৈ আহি বাইক খন দেখা নাপায় ইজন-সিজনক সোধৈ যদিও কোনো নিলে দেখা নাপালো বুলি কয়৷ কলাইগাঁৱৰ বৰকুলা বাগিচাৰ মোজাহিদ আলিয়ে ঘটনা সন্দৰ্ভত মঙলদৈ আৰক্ষী থানাত এজাহাৰ দাখিল কৰে৷