
প্ৰতিকী ফটো
নলবাৰীঃ তেও মানুহক চাকৰি দিব পাৰে৷ তেওৰ ডাঙৰ-ডাঙৰ মানুহৰ সৈতে উঠা-বহা কৰে৷ কিন্তু তেও নিজে চুৰি কৰে বাইক৷ বৃহস্পতিবাৰে নলবাৰী জিলাৰ টিহু থানাৰ আৰক্ষীয়ে আটক কৰে চাকৰি দিব পৰা বাইক চোৰ মিৰাজুল আলীক।
১৩ অক্টোবৰত বাক্সাৰ বেলগুৰি পথাৰৰ নৱজিৎ সূত্ৰধাৰক চাকৰি দিম বুলি মাতি আনে নলবাৰীলৈ৷ তাৰ পিছত নৱজিৎ সূত্ৰধাৰৰ AS-14-E-1422 নম্বৰৰ বাইক খন টিহুৰ পৰা লৈ উধাও হয় মিৰাজুলে৷ মিৰাজুলে পূৰ্বে বাইক চুৰি ঘটনাৰ লগত জড়িত থকাৰ লগতে মেগা-ফুড পাৰ্কত চাকৰি দিয়াৰ প্ৰলোভনেৰে বিভিন্ন জনৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপন হৈছে।
টিহু আৰক্ষী থানাত ৰুজু হোৱা গোচৰৰ ভিত্তিত আটক হয় মিৰাজুল। নলবাৰীৰ টিহুৰ নৰ্থ-ইষ্ট মেগাফুড পাৰ্কত চাকৰি দিয়াৰ প্ৰলোভনেৰে মাতি আনি বাইক চুৰি কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।