আৰক্ষীৰ জালত বাইক চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰা বিপুল শৰ্মা ওৰফে বিশ্বজিৎ

ৰঙিয়াঃ আৰক্ষীৰ দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত জালত পৰিল বিপুল শৰ্মা ওৰফে বিশ্বজিৎ ভট্টাচাৰ্য৷ উজনি-নামনিৰ আৰক্ষীৰ মুৰৰ কোমোৰণি হৈ পৰা বিপুল শৰ্মা ওৰফে বিশ্বজিৎ ভট্টাচাৰ্য বাইক চোৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল৷ অৱশেষত ৰঙিয়া আৰক্ষীৰ জালত পৰে বিপুল। উজনি-নামনিত দীৰ্ঘদিন ধৰি বাইক চুৰি কৰি সন্ত্ৰাসৰ সৃষ্টি কৰা আৰক্ষীৰ ম'ষ্ট ৱান্টেড তালিকাত নাম সন্নিবিষ্ট আছিল বিপুলৰ নাম৷

দৰঙৰ ছিপাঝাৰৰ বিপুল শৰ্মাক ৰঙিয়াৰ তুলসীবাৰীৰ পৰা ৰঙিয়া আৰক্ষীৰ এটা দলে অভিযান চলাই আটক কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে বাইক চুৰিত ব্যৱহাৰ কৰা বহু যন্ত্ৰ পাতি, নগদ ধন, মোবাইল, চাদাৰ টেমা, ধপাত জাতীয় সামগ্ৰী আটক কৰে বিপুলক। জানিব পৰা মতে, নামণিৰ কেইবাখনো থানাত বিপুলৰ বিৰুদ্ধে বাইক চুৰিৰ অভিযোগ আছে৷

১০ মিনিটৰ ভিতৰত বাইকৰ লক ভাঙি উধাও হ’ব পাৰে বিপুলে। ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি, লখিমপুৰ আদি ঠাইত শ-শ বাইক চুৰি কৰি ১০-১২ হাজাৰ টকাৰ বিনিময়ত ঢেকিয়াজুলীৰ চিমানশ্বা বড়ো  নামৰ এজন লোকৰ ওচৰত বিক্ৰী কৰি আহিছিল বুলি প্ৰকাশ কৰে বিপুলে। অসম আৰক্ষীৰ নিদ্ৰা হৰণ কৰা কুখ্যাত বাইক চোৰটোক আটক কৰাৰ পাছতেই স্বস্তিৰ নিশ্বাস পেলায় আৰক্ষীয়ে। সম্প্ৰতি ৰঙিয়া থানাত আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে বিপুল শৰ্মাক।