কেব চালকক মাৰধৰ, আজাৰা থানা ঘেৰাও, বিমান বন্দৰত পৰ্যটকক হাৰাশাস্তি কৰাৰ অভিযোগ

গুৱাহাটীঃ এগৰাকী কেব চালকক লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰত একাংশ লোকে মাৰ কৰাত ক্ষোভিত হৈ পৰিছে গুৱাহাটী মহানগৰীৰ কেব চালকসকল৷ যাৰ ফলত মঙলবাৰে পুৱাই গুৱাহাটী মহানগৰীৰ সমীপৰ আজাৰা থানা ঘেৰাও কৰি সদৌ অসম কেব পৰিচালক সন্থাই দোষীক আটক কৰি শাস্তি প্ৰদানৰ দাবী জনায়৷

গুৱাহাটী বিমান বন্দৰত কেব চালকক মাৰধৰ কৰাৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক চালকে৷ গুৱাহাটী বিমান বন্দৰত সোমবাৰে একাংশ ব্যক্তিগত গাড়ীৰ মালিকে কেব চালকক মাৰধৰ কৰাত আজাৰা আৰক্ষী থানাত এজাহাৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰতিবাদ সাব্যস্ত কৰে চালকসকলে৷

কেব চালকসকলে বিমান বন্দৰত একাংশ দালালে ব্যক্তিগত গাড়ীৰে ভাড়া মাৰাৰ অভিযোগ উত্থাপন কৰে৷ ইমানে নহয় স্থানীয় একাংশ লোকে নিজৰ ব্যক্তিগত গাড়ীৰে ভাড়া মৰাৰ লগতে পৰ্যটকক বেয়া ব্যৱহাৰ কৰাৰ অভিযোগ উত্থাপন কৰে৷ সোমবাৰে অনলাইন কেবৰ চালক এজনক বিমানবন্দৰত কেইজনমান লোকে বেয়াকৈ মাৰ ধৰ কৰা কাৰ্যক গৰিহণা দি দোষীক আটক কৰাৰ দাবীত সদৌ অসম কেব পৰিচালক সন্থাই আজাৰা থানা ঘেৰাও কৰে৷