
শিমলুগুৰিঃ অনলাইন মাহেকীয়া আলোচনী 'সুবাস'ৰ তৰফৰ পৰা সুবাস কেলেণ্ডাৰ বয় এণ্ড গাৰ্ল ২০১৮ শীৰ্ষক এক প্ৰতিযোগিতা আয়োজন কৰা হৈছে। সুবাসৰ ফেচবুক পেজ তথা আলোচনীখনে শাৰদীয় সুন্দৰী প্ৰতিযোগিতাৰ সফলতাৰ পাছত এই প্ৰতিযোগিতাৰ বাবে আগবাঢ়িছে।
মূখ্য সম্পাদক দেৱব্ৰত শৰ্মা, সম্পাদক কৌস্তৱ বৰা, সহঃ সম্পাদক ক্ৰমে সৌৰভজ্যোতি বৰা আৰু চাবৰিন আৰা দৌল্লাৰ দ্বাৰা প্ৰকাশিত সুবাস নামৰ মাহেকীয়া অনলাইন আলোচনীখনে অসমৰ সাহিত্য আৰু সাংস্কৃতিক ক্ষেত্ৰখনত কাম কৰি গৈছে।
বৰ্তমান ১৭০০০ অধিক পঢ়ুৱৈ থকা আলোচনীখন কম সময়তে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। মূখ্য সম্পাদক দেৱব্ৰত শৰ্মাই জনোৱা মতে, সুবাস কেলেণ্ডাৰ বয় এণ্ড গাৰ্ল ২০১৮ প্ৰতিযোগিতা বিজয়ীয়ে মইনা প্ৰডাকচনৰ আহিবলগীয়া গীতৰ ভিডিঅ’ত অভিনয়ৰ সুযোগ লাভ কৰিব।
১৭ বছৰৰ পৰা ২৫ বছৰৰ যুৱতী আৰু ১৮ ৰ পৰা ২৭ বছৰৰ যুৱকে অংশ লব পৰা এই প্ৰতিযোগিতাৰ বাবে ৯৫৭৭৪২৮৬৯৮ অথবা ৭৯৭৬৬১১৩২৬ যোগাযোগ কৰি নামভৰ্তি কৰিব পাৰিব।
অনাগত দিনত 'সুবাস' ফেচবুক পেজে বিভিন্ন ধৰণৰ সৌন্দৰ্য্য প্ৰতিযোগিতা অনুষ্ঠিত কৰি নৱ প্ৰজন্মৰ যুৱক-যুৱতীক এক সুকীয়া মঞ্চ দিয়াৰ প্ৰয়াস হাতত লৈছে।