
newsnextone.com | গুৱাহাটীঃ উত্তৰ পূৰ্বাঞ্চল তথা অসমত কৰ্কট ৰোগে এক ভয়াবহ ৰূপ ধাৰণ কৰিছে৷ এই ৰোগবিধত আক্ৰান্ত হোৱা লোকসকলে অসমত উন্নত চিকিৎসাৰ পৰা বঞ্চিত হয়৷ অধিক উন্নত চিকিৎসাৰ বাবে ব্যয় হয় লাখ লাখ টকা৷
অসমৰ ৰাইজৰ বাবে তাতোকৈ ডাঙৰ কথা এই যে বহিঃৰাজ্যত গৈহে এই ৰোগৰ চিকিৎসা কৰিব লগা হয়৷ যাৰ ফলত বহু দৰিদ্ৰ পৰিয়ালৰ লোকে আধৰুৱা চিকিৎসা কৰাৰ লগতে, উন্নত চিকিৎসাৰ পৰা বঞ্চিত হ’ব লগা হয়৷ স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিজ উদ্যোগত দেশৰ আগশাৰীৰ উদ্যোগপতি ৰতন টাটাক সাক্ষাৎ কৰি অসমৰ কৰ্কট ৰোগীৰ বাবে চিকিৎসাৰ সহায়ৰ আবেদন জনাইছিল৷
দেশৰ আন আন প্ৰান্তৰ দৰেই টাটা কৰ্তৃপক্ষই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ কৰ্কট ৰোগীৰ সহায়ৰ বাবে অসমত চিকিৎসালয় স্থাপন বাবে সহমত পোষণ কৰিছিল৷ স্বাস্ব্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চেষ্টাত অসমত কেইবাখনো কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন হ’বলৈ ওলাইছে৷
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী, ডিফু আৰু যোৰহাট আদিত চিকিৎসালয় স্থাপনৰ কথা উল্লেখ কৰে সোমাবাৰে৷ সোমবাৰে এখন সংবাদমেল অনুষ্ঠিত কৰি গুৱাহাটী, ডিফু আৰু যোৰহাটত কেঞ্চাৰৰ এল-১ চিকিৎসালয় স্থাপন কৰা হ’ব বুলি কয়৷ জনতা ভৱনত অনুষ্ঠিত সংবাদমেলত স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰে সাধাৰণ লোকৰ বাবে বিশেষ ব্যৱস্থা লোৱাৰ কথা উল্লেখ কৰি ৰাজ্যৰ ৰাইজে যাতে কম খৰছত উন্নত চিকিৎসা লাভ কিব পাৰে তাৰ কথা উল্লেখ কৰে৷
আনহাতে গুৱাহাটী, যোৰহাট আৰু ডিফুত একোখনকৈ কেঞ্চাৰৰ এল-১ হস্পিতাল স্থাপন কৰা হ’ব বুলি মন্তব্য কৰে৷ টাটা ট্ৰাষ্ট আৰু চৰকাৰৰ উদ্যোগত আসাম কেন্সাৰ কেয়াৰ ফাউণ্ডেছন নামৰ অনুষ্ঠানৰ জৰিয়তে ৰাজ্যত ১৯ খন কৰ্কট ৰোগৰ চিকিৎসালয় স্থাপন কৰা হ’ব কয়৷ অহা ১৭ জুনত গুৱাহাটীৰ পৰাই চিকিৎসালয় সমূহৰ নিৰ্মাণৰ কাম আৰম্ভ হ’ব বুলি উল্লেখ কৰে মন্ত্ৰী শৰ্মাই৷
আনহাতে সংবাদ মেলত ডিব্ৰুগড় আৰু শিলচৰত আঞ্চলিক ডেণ্টেল কলেজ নিৰ্মাণৰ কখা উল্লেখ কৰি ১৪ মে’ত কাউন্সিল অৱ ইণ্ডিয়াই কলেজ দুখন স্থাপনৰ বাবে অনুমোদন জনোৱা বুলি কয় মন্ত্ৰী শৰ্মাই৷