
তেজপুৰঃ বিলাসী গাড়ীচোৰ পৰিল আৰক্ষীৰ জালত৷ বহুদিনৰ পৰা তেজপুৰৰ লগতে শোনিতপুৰ জিলাৰ বিভিন্ন স্থানত গাড়ী চোৰ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰি অহা গাড়ীচোৰ গেঙৰ তিনি সদস্যক আজি শোণিতপুৰ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ শোণিতপুৰ আৰক্ষীৰ এটা দলে আজি জিলাখনৰ কেইবাটিও অঞ্চলত অতৰ্কিতে অভিযান চলায়৷
আৰক্ষীৰ অভিযানৰ ফলত স্কৰপিঅ’, ইনোভাকে ধৰি সাত খন বিলাসী চাৰিচকীয়া আৰু ৭ খন বাইক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ আনহাতে এই গাড়ী কেইখনৰ চুৰি কাণ্ডৰ লগত জড়িত দুধৰ্ষ গাড়ীচোৰ বেবেজিয়াৰ ভাস্কৰ কলিতা, তেজপুৰ চান্দমাৰীৰ দ্বীপেন ডেকাক আটক কৰে৷ আৰক্ষীৰ হাতত গাড়ীচোৰ কাণ্ডৰ লগত জড়িত লখিমপুৰৰ মাইমা বেগম নামৰ যুৱতী এগৰাকীও আটক হয়৷
আনহাতে দুধৰ্ষ গাড়ীচোৰ কেইজনে আৰক্ষীৰ জেৰাত তিনিওজনে লগলাগি গাড়ী চুৰি সংঘটিত কৰে বুলি স্বীকাৰ কৰে৷ আৰক্ষীয়ে তিনি দুধৰ্ষ চোৰক অধিক তথ্যৰ বাবে সোধ পোছ অব্যাহত ৰাখিছে৷