বিদেশত আছে ৭ ভাৰতীয়ৰ কলা ধন, ৰুজু হ'ব গোচৰ, নাম প্ৰকাশ কৰা নাই চৰকাৰে

ডিজিটেল ডেস্কঃ কলা ধনৰ বিৰুদ্ধে বাবা ৰামদেৱৰ পৰা আৰম্ভ কৰি সমাজকৰ্মী আন্না হাজাৰালৈকে সকলোৱে প্ৰতিবাদ কৰিছিল কংগ্ৰেছ চৰকাৰৰ দিনত। তাৰ মাজতে পানামা পেপাৰ্চ কাণ্ড ফাদিল হোৱাৰ পিছত সাত ভাৰতীয়ৰ বিৰুদ্ধে নতুন আইনৰ অধিনত ফৌজাদাৰি গোচৰ তৰে আয়কৰ দপ্তৰে। একেসময়তে ৬ ভাৰতীয়ৰ বিৰুদ্ধে বিদেশত থকা অবৈধ সম্পত্তিৰ তদন্ত কৰৰা সিদ্ধান্ত লোৱা হৈছে বুলি এটি সূত্রই এই জড়িয়তে এই খবৰ প্ৰকাশ পাইছে।

সাত ভাৰতীয়ৰ বিৰুদ্ধে বিদেশত গোপনে অর্থ সঞ্চয় আৰু সম্পত্তি নির্মাণৰ প্রমাণ পোৱা গৈছে বুলি আয়কৰ দপ্তৰে প্ৰকাশ কৰে। অভিযুক্ত কেইজনৰ বিৰুদ্ধে ২০১৫ চনৰ ক’লাধন ৰোধৰ (অপ্রকাশিত বিদেশি আয় আৰু সম্পত্তি) আইনে নতুন কৈ তদন্ত কৰিব।

নাম প্রকাশত অনিচ্ছুক আয়কৰ দপ্তৰ সূত্রত প্ৰকাশ কৰা মতে সাত ভাৰতীয়ৰ বিৰুদ্ধে বিদেশত অবৈধ উপায়ে টকা আৰু সম্পত্তি সঞ্চয়ৰ অভিযোগ উত্থাপিত হৈছে। তেওঁলোকৰ বিৰুদ্ধে নতদন্ত কৰাৰ লগতে কিছু দিনৰ ভিতৰতেই ফৌজাদাৰি গোচৰো তৰা হ’ব বুলি কয় আয়কৰ বিভাগে৷

উল্লেখ্য যে, ১৯৬১ চনৰ আয়কৰ আইন অনুসৰি প্ৰথম ভাৰতীয়ৰ বিদেশত থকা গোপন সম্পত্তি সম্পর্কে তদন্ত কৰা হয়। নতুন আইনৰ জড়িয়তে অভিযোগ প্রমাণিত হ’লে ১২০% কৰ এৰিও মোটা অংকৰ জৰিমনা আৰু ১০ বছৰ পর্যন্ত কাৰাবাস হ’ব পাৰে। অভিযুক্ত ৭ ভাৰতীয়ৰ বিৰুদ্ধে ভৱিষ্যতে অর্থ দমন আইন (PMLA) অনুসৰি গোচৰ পঞ্জিয়ন কৰা হ'ব।