৫মাহ অতিক্ৰম, ধৰা নপৰিল লাফিকুল হত্যাকাৰী, কোকৰাঝাৰত চিবিআইৰ দল

কোকৰাঝাৰঃ সংখ্যালঘু নেতা এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডই পাঁচমাহ অতিক্ৰম কৰিলে যদিও আজিলৈ হত্যাকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম নহ’ল অসম আৰক্ষীয়ে। ৰাজ্য কঁপোৱা লাফিকুল হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চৰকাৰে প্ৰথমে এচআইটিক অৰ্পণ কৰিছিল যদিও বিভিন্ন দল সংগঠনৰ দাবীত অৱশেষত চৰকাৰে হত্যাকাণ্ডৰ তদন্তৰ দায়িত্ব চিবিআইক হস্তান্তৰ কৰে।

শুকুৰবাৰে গোচৰটোৰ চৰমজিন তদন্ত কৰিবলৈ চিবিআইৰ তিনিজনীয়া দল এটাই কোকৰাঝাৰত উপস্থিত হয়। চিবিআইৰ অধীক্ষক উপেন্দ্ৰ কুমাৰ আগৰৱালাৰ নেতৃত্বত তদন্তকাৰী দলটোৱে কোকৰাঝাৰত উপস্থিত হৈ হত্যাকাণ্ড সংঘটিত হোৱা তিতাগুৰীৰ জেএন ট্ৰেডাৰ্চত উপস্থিত হৈ ঘটনাস্থলী পৰিভ্ৰমণ কৰাৰ লগতে ছালাকাটি ষ্টেট বেংকতো প্ৰয়াত লাফিকুলৰ একাউণ্ট পৰীক্ষণ কৰে বুলি জানিব পৰা গৈছে।

তদুপৰি চিবিআইৰ তদন্তকাৰী দলটোৱে ছালাকাটিত থকা এনটিপিচিও পৰিভ্ৰমণ কৰে৷ আনহাতে চিটিআইৰ দলটোৱে প্ৰয়াত ছাত্ৰনেতাগৰাকীৰ পিতৃ আফাজ উদ্দিন আহমেদ আৰু জে এন ট্ৰেডাৰ্চৰ স্বত্বাধিকাৰীকো কোকৰাঝাৰ আৱৰ্ত ভৱনলৈ মাতি আনি সোধপোছ কৰে৷

উল্লেখ্য যে যোৱা ২০১৭ চনৰ এক আগষ্টত কোকৰাঝাৰস্থিত তিতাগুৰীৰ জে এন ট্ৰেডাৰ্চ নামৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত টাইলছ কিনি থকা অৱস্থাত ব্যৱসায়িক প্ৰতিষ্ঠানৰ ভিতৰতে অচিনাক্ত দুৰ্বৃত্তই শূন্য দূৰত্বৰ পৰা ছাত্ৰ নেতা গৰাকীক গুলীয়াই হত্যা কৰিছিল৷ ইয়াৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাত চৰকাৰে প্ৰথমে এচআইটি আৰু পৰবৰ্তী পৰ্যায়ত ঘটনাটোৰ তদন্তৰ দায়িত্ব চৰকাৰে চিবিআই লৈ হস্তান্তৰ কৰে যদিও পাঁচমাহ অতিক্ৰম কৰাৰ পিছতো লাফিকুলৰ হত্যাকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।