চিবিআইকাণ্ডত উচ্চতম ন্যায়ালয়ৰ ৰায়, আদালতৰ তত্ববধানত হ’ব তদন্ত, কৰ্তন কৰা হ’ল অস্থায়ী ডাইৰেক্টৰৰ ক্ষমতা

ডিজিটেল ডেস্ক​,নতুন দিল্লীঃ চিবিআই ডাইৰেক্টৰ আলোক বাৰ্মাক হঠাৎ মাজনিশা ছুটীত যাবলৈ দিয়া সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ত চিবিআই ডাইৰেক্টৰ আলোক বাৰ্মাই এক গোচৰ দিছিল। আজি এই গোচৰৰ শুনানী চলি আছে উচ্চতম ন্যায়ালয়ত।

এই বিষয়ে চেণ্ট্ৰেল ভিজিলেঞ্চ কমিচনক উচ্চতম ন্যায়ালয়ে তদন্তৰ নিৰ্দেশ দিছে। দুই সপ্তাহৰ ভিতৰত তদন্ত কৰি আদালতক বন্ধ খামৰ ভিতৰত ৰিপ’ৰ্ট জমা দিবলৈ নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।এই তদন্তৰ তত্ত্বাবধান কৰিব অবসৰপ্রাপ্ত বিচাৰপতি একে পট্টনায়কে

ইয়াৰ ওপৰিও অস্থায়ী ডাইৰেক্টৰ নাৰেশ্বৰ ৰাওৰ ক্ষমতা কৰ্তন কৰিলে উচ্চতম ন্যায়ালয়ে। এতিয়াৰ পৰা ৰাওৱে কেৱল মাত্ৰ নিয়মীয়া কাম-কাজবোৰহেচোৱা-চিতা কৰিব পাৰিব।কোনো নীতিগত আৰু গুৰুত্বপুৰ্ন সিদ্ধান্ত ল’ব নোৱাৰিব অস্থায়ী ডাইৰেক্টৰ নাৰেশ্বৰ ৰাওৱে। আজি এই নিৰ্দেশ দিলে উচ্চতম ন্যায়ালয়ে।অহা ১২ নৱেম্বৰত পৰবৰ্তী শুনানীৰ দিন ধাৰ্য্য কৰিছে।