
বিহালীঃ ৰাজ্যৰ বিভিন্ন ঠাইত বুধবাৰে স্বাধীনতা সংগ্ৰামী বীৰচা মুণ্ডাক স্মৰণ কৰে বিভিন্ন দল-সংগঠনে৷ ওপজা দিনটোত সংগ্ৰামী বীৰচা মুণ্ডাক সদৌ অসম আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতিয়েও স্মৰণ কৰে৷ আদিবাসী ছাত্ৰ সন্থা বিশ্বনাথ জিলা সমিতি আৰু বিহালী আঞ্চলিক সমিতিয়ে শ্বহীদ বীৰছা মুণ্ডাৰ ১৪২ সংখ্যক জন্ম জয়ন্তী পালন কৰে।
শ্বহীদ বীৰ বীৰচা মুণ্ডাক ১৪২ তম জন্ম বিহালী চাহ বাগিচাৰ খেল পথাৰৰ "বীৰ বীৰছা মুণ্ডা" ৰংগমঞ্চত পালনে কৰে সংগঠনটোৱে৷ ৰবীন ঘাটোৱাৰৰ সভাপতিত্বত অনুষ্ঠিত সভাত বিশ্বনাথ মহাবিদ্যালয়ৰ বানিজ্য শাখাৰ প্ৰৱক্তা তথা চাহ জনগোষ্ঠী মহাসভাৰ বিশ্বনাথ জিলাৰ সম্পাদক গৌতম গোৱালা, বিপ্লৱী যুৱ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ আহ্বায়ক পৰিমল গোঁড, নিত্যানন্দ দাস, সংগ্ৰামী যুৱ-ছাত্ৰ পৰিষদৰ সভাপতি বিজিত শইকীয়া, পল্লৱ কাকতি, পংকজ গুপ্তা, দিগন্ত কাশ্যপ, টুলটুল দাস, পংকজ মহানন্দ উপস্থিত থাকে৷
সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সম্পাদক অজিত কূৰ্মীয়ে পৰিচালনা কৰা সভাখনত দুই শতাধিক ৰাইজ উপস্থিত থাকে। সভাত আদিবাসী ছাত্ৰ সন্থাৰ পৰা অব্যাহিত লোৱা ৰবীন ঘাটোৱাৰক সম্বৰ্ধনা জনাই জিলা সমিতিয়ে।