চাবুৱাৰ জলপনীয়া চাহ বাগিচাত মৃতদেহ উদ্ধাৰ

ডিব্ৰুগড়ঃ তিনিচুকীয়া-ডিব্ৰুগড় জিলাৰ সীমান্তৰ জলপনীয়া চাহ বাগিচাৰ নলাত শনিবাৰে এটা মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত৷ স্থানীয় একাংশ লোকে পুৱাই মৃতদেহটো নলাত পৰি থকা প্ৰত্যক্ষ কৰাত হাহাকাৰ লাগে বাগিচা খনত৷

তিনিচুকীয়া সদৰ অাৰক্ষী থানাৰ অধিনৰ পানীতোলা অাৰক্ষী চকীৰ অন্তৰ্গত চাহ বাগিচা খনত উদ্ধাৰ হোৱা মৃতদেহটো চাবুৱাৰ চেতিয়া পথাৰ গাঁৱৰ বিনোদ ফুকন (৪৫) বুলি চিনাক্ত কৰে আৰক্ষীয়ে৷ মৃতদেহত আঘাতৰ চিন আৰু তেজৰ চেকুৰা লাগি থকা দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰে ৰাইজে৷ অাৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷