চাবুৱাত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ঘাইপথ অৱৰোধ

চাবুৱাঃ ৰাজ্য খনৰ চাহ বাগিচাৰ মালিকৰ বৰ্বৰ আক্ৰমণ, শোষণ-বঞ্চনাৰ বিৰুদ্ধে ডিব্ৰুগড় জিলাৰ চাবুৱাত শ্ৰমিকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ শ্ৰমিকে ৰাজ্য চৰকাৰ তথা চাহ বাগিচাৰ মালিকৰ বিৰুদ্ধে শ্ল’গান দি উত্তাল কৰি তোলে ৰাজ পথ৷ বগীধলা চাহ বাগিচাৰ শ্ৰমিকক নিজৰ প্ৰাপ্য বিচাৰি যোৱাৰ সময়ত চাব বাগিচাৰ মালিকে ১২ জনকৈ শ্ৰমিকক গুলীয়াই অাহত কৰাৰ প্ৰতিবাদত বৃহস্পতিবাৰে চাবুৱাত চাহ শ্ৰমিক সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি শ্ৰমিক সকলৰ ওপৰত হোৱা অন্যায় বন্ধ কৰক, কৃষক মুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ আদি শ্ল’গান দিয়ে সংগঠনকেইটাই। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ বৰপেটা জিলাৰ সভাপতি দণ্ডিনাথ বৰ্মণ, ডিব্ৰুগড় জিলাৰ সভাপতি ইন্দ্ৰ গগৈ, চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সম্পাদক বিজয় বাউৰী, উপ-সভাপতি সৰি উৰাং আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় জিলাৰ যুটীয়া সাধাৰণ সম্পাদক মাধুৰ্য্য বৰুৱা উপস্থিত থাকে কাৰ্যসূচীত৷

সমগ্ৰ ঘটনাৰ উচিত ন্যায় বিচাৰি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আৰু চাহ শ্ৰমিক মুক্তি সংগ্ৰাম সমিতিয়ে গোলাঘাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল বুলি কয় নেতাসকলে। কিন্তু অতি দুৰ্ভাগ্যজনকভাৱে শ্ৰমিকসকলক ন্যায় প্ৰদানৰ বিপৰীতে ওলোটাকৈ গণতান্ত্ৰিক আন্দোলনকাৰীৰ ওপৰত আৰক্ষীয়ে লাঠিচালনা কৰে আৰু ১৪ জনকৈ প্ৰতিবাদকাৰীক গোলাঘাট আৰক্ষীয়ে আটক কৰি থানালৈ লৈ যায় আৰু থানাৰ ভিতৰত ভয়-ভাবুকি প্ৰদান কৰি মাৰ-পিট কৰা বুলি অভিযোগ উত্থাপন কৰে। আটক কৰা প্ৰতিবাদকাৰীক মুকলি কৰি দিয়ে প্ৰশাসনে৷  আৰক্ষীৰ এই বৰ্বৰতাক নেতাকেইজনে তীব্ৰ সমালোচনা কৰি আঘাটপ্ৰাপ্ত সকলক ক্ষতিপূৰণ দিয়াৰ লগতে সমগ্ৰ বিষয়টো উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায়।