♦ মুখ্যমন্ত্ৰী সোণোৱালৰ নিজা গৃহ সমষ্টিতে লেই লেই ছেই ছেই ধ্বনিৰে উত্তাল চাবুৱা

ডিব্ৰুগড়ঃ নাগৰিকত্ব সংশোধনী বিধেয়ক লোকসভাত গৃহীত হোৱাৰ পাছত ৰাজ্যসভাতো গৃহীত কৰি অসম আৰু অসমীয়াৰ অস্তিত্ব নাশ কৰিব খোজা বি জে পিৰ অসম-বিৰোধী নীতিৰ বিৰুদ্ধে প্ৰতিদিনে ৰাজ্যৰ চৌদিশ উত্তাল হৈ পৰিছে৷
উজনি-নামনি আৰু মধ্য অসমৰ আবাল-বৃদ্ধ-বনিতা, পুৰুষ-মহিলাই ৰাজপথ উত্তাল কৰি ৰাখিছে বি জে পিৰ অসমবিৰোধী নীতিৰ বিৰুদ্ধে৷ বিশেষকৈ একালৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে অসমৰ ৰাইজ ক্ষোভিত হৈ পৰিছে৷ যিগৰাকী নেতাক একালত অসমৰ ৰাইজে ফুলৰ মালা পিন্ধাইছিল, সেইগৰাকী নেতাক আজি অসমৰ ৰাইজে লেই লেই ছেই ছেই কৰিছে৷
এতিয়া জাতীয় নায়কৰ পৰিৱৰ্তে খলনায়ক আখ্যা পাইছে সৰ্বানন্দ সোণোৱালে৷ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডীৰ চৰকাৰ আৰু ৰাজ্যৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰে অসমীয়া জাতিৰ নিৰৱচ্ছিন্ন আন্দোলনক তিলমানো গুৰুত্ব প্ৰদান নকৰি অৱশেষত অসমীয়া জাতিৰ অস্তিত্ব নাশকাৰী নাগৰিকত্ব সংশোধনী বিধেয়ক নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰৰ বি জে পি চৰকাৰে লোকসভাত গৃহীত কৰে৷
লোকসভাত বিধেয়কখন উত্থাপন হোৱাৰ পাছৰেপৰা অসমৰ আছু আৰু আছুৰ নেতৃত্বৰ ২৯টা জাতীয়-জনগোষ্ঠীয় সংগঠনে অসম বন্ধ ঘোষণা কৰাৰ লগতে ৭০ জাতীয়-সংখ্যালঘু সংগঠনে আন্দোলন কৰি গৈছে৷ লোকসভাত বিধেয়ক উত্থাপন হোৱাৰ সময়ত অসমতো অব্যাহত আছিল ব্যাপক আন্দোলন৷
তাৰ পাছৰেপৰা সমগ্ৰ অসম ক্ষোভত জ্বলিবলৈ ধৰিছে। আজি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ সমষ্টিৰ চাবুৱাত পূব চাবুৱা সমূহ ৰাইজে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ বাতিলৰ দাবীত বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে। কদমনিৰপৰা প্ৰায় ১ কিঃমিঃ খোজ কাঢ়ি হাজাৰৰো অধিক জনতাই হাতে হাতে বেনাৰ-পোষ্টাৰ লৈ 'সৰ্বানন্দ সোণোৱাল হায় হায়', 'হিমন্ত বিশ্ব শৰ্মা হায় হায়', 'বি জে পি চৰকাৰৰ কাম নাই', ’নৰেন্দ্ৰ মোডী মিছলীয়া’, ’সৰ্বা-হিমন্তই কেতিয়া বাংলাদেশীৰ প্ৰেমত পৰিল জবাব লাগে জবাব দিয়ক’, ’সৰ্বানন্দ যদি তোমাৰ গাত অসমীয়াৰ তেজ আছে তুমি পদত্যাগ কৰাঃ নহ'লে অসম ত্যাগ কৰা’, ’জাতীয় নায়ক খলনায়ক’ আদিৰ বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ কঁপাই তোলাৰ পাছতে চাবুৱা চাৰিআলিত ৰাষ্ট্ৰীয় ঘাইপথতে এখন প্ৰতিবাদী সভা অনুষ্ঠিত কৰে৷
প্ৰতিবাদী সভাত চাবুৱাৰ কেইবাজনো গণ্য-মান্য ব্যক্তি তথা দল-সংগঠনৰ প্ৰতিনিধিয়ে এই বিধেয়কখন সমৰ্থন আগবঢ়োৱা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক কঠোৰ ভাষাৰে সমালোচনা কৰে। জাতিধ্বংসী বিধেয়কক লৈ খিলঞ্জীয়াক চৰম অপমান-তাচ্ছিল্যৰ কৰা সৰ্বা-হিমন্ত বিশ্ব শৰ্মাক কঠোৰ সকীয়নি প্ৰদান কৰাৰ লগতে মুখ্যমন্ত্ৰী সোণোৱাল আৰু বিত্ত মন্ত্ৰী শৰ্মাই ৮৫৫ জন শ্বহীদৰ পৰিয়ালক অপমান কৰিছে, এই অপমান সহ্য কৰা নহ'ব, এসময়ৰ জাতীয় নায়ক সৰ্বানন্দ সোণোৱালে নিজে প্ৰতিবাদ কৰি জাতিৰ ৰক্ষা কথা কৈছিল কিন্তু সেইজন জাতীয় নায়কে অসমৰ দল-সংগঠনৰ গণতান্ত্ৰিক প্ৰতিবাদক সন্মান জনাব নজনা মুখ্যমন্ত্ৰী সোণোৱালৰ যদি গাত অসমীয়া তেজ আছে তেতিয়া হ'লে পদত্যাগ কৰা, নহ'লে অসম ত্যাগ কৰিবলৈ কঠোৰ সকীয়নি প্ৰদান কৰে।
আনহাতে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল নকৰিলে পূব চাবুৱা ৰাইজে জংগীৰ আন্দোলনৰ কাৰ্যসূচী লোৱা হুংকাৰ দিয়ে।