
newsnextone.com | চাবুৱাঃ নাগৰিকত্ব সংশোধনী বিধেয়ক আৰু বাংলাদেশৰ হিন্দু শৰণাৰ্থী সংস্থাপনক লৈ বিজেপিৰ ভিতৰচৰাত মতভেদ আৰম্ভ হৈছে নেকি৷ কালিলৈ হিন্দু বাংলাদেশী আনি অসমৰ হিন্দুৰ ৰক্ষা কৰাৰ বাবে ওকালতি কৰি থকা বিজেপিৰ নেতা-বিধায়তে এতিয়া সুৰ সলনি কৰিবলৈ বাধ্য হৈছে৷
ৰাজ্যত প্ৰতিদিনে উত্তাল প্ৰতিবাদ অব্যাহত থকাৰ সময়তে বিজেপিৰ জ্যেষ্ঠ নেত্ৰী গুৱাহাটীৰ সাংসদ বিজয়া চক্ৰৱৰ্তী, হিমন্ত বিশ্ব শৰ্মা আদি নেতাই ক্ৰমান্বয়ে সুৰ সলনি কৰাৰ সময়তে এইবাৰ উজনি এগৰাকী বিধায়কে মুকলি মঞ্চতে নিজ দলক একপ্ৰকাৰ প্ৰত্যাহ্বান জনায়৷
কেন্দ্ৰৰ বিজেপি চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰি চুবুৰীয়া দেশৰ পৰা নিৰ্যাতিত হিন্দুক আনি সংস্থাপনৰ বাবে যোজা চলাই থকাৰ সময়তে এই বাৰ এগৰাকী বিধায়কে মুকলি মঞ্চতে আমি ইয়াত (অসমত) বাংলাদেশী সোমাব নিদিও বুলি স্পষ্ট কৰে৷
ৰাজ্যত চৰকাৰৰ গণ বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে নিতৌ হাজাৰ হাজাৰ লোক ৰাজ পথলৈ ওলাই অহাৰ পিছতো ৰাইজক ইতিকিং কৰি ৰেল ৰাজ্যমন্ত্ৰী-নগাঁৱৰ বিধায়ক ৰাজেন গােহাঁই, ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, তেজপুৰৰ সাংসদ ৰাম প্ৰসাদ শৰ্মাৰ দৰে বিজেপিৰ নেতা-মন্ত্ৰী, বিধায়কে হিন্দু বাংলাদেশী সংস্থাপন আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক সপক্ষে মত প্ৰকাশ কৰিছে৷
সেই সময়তে বিজেপি দল-চৰকাৰ আৰু বিদেশী সংস্থাপনৰ সপক্ষে ওকালতি কৰা এই সকল নেতাক প্ৰত্যাহ্বান জনাই ডিব্ৰুগড় জিলাৰ বিধায়ক বিনোদ হাজৰিকাই মুকলি মঞ্চত বিদেশী সংস্থাপনৰ বিৰোধিতা কৰি যদি বিদেশী আহে তেন্তে মই বিধায়ক পদ এৰি দিম বুলি কয়৷
মুখ্যমন্ত্ৰীৰ গৃহ সমষ্টি চাবুৱাৰ বিধায়ক বিনোদ হাজৰিকাই শনিবাৰে নিশা নিজ সমষ্টি চাবুৱাৰ কেন্দ্ৰীয় ৰঙালী বিহুৰ অনুষ্ঠানত অংশ লৈ কয় ‘‘মই বিধায়ক এৰিম৷ যেতিয়া ইয়াত (অসমত) বাংলাদেশী সোমাব৷ মই আগতেও কৈছোঁ মই বিধায়ক হৈ নাথাকো৷ যদি ইয়াত (অসমত) বাংলাদেশী সোমাই, মই হিধায়ক হৈ নাথাকো এই কথা মই কৈ গৈছোঁ৷ অসমত আমি ৰাইজে ভাল নোপোৱা কাম কেতিয়াও নকৰো৷ মই আপোনালোকৰ সৈতে আছো৷ মই ১৭টা জাতীয়-জনগোষ্ঠীয় সংগঠনৰ সৈতে সদায় থাকিম৷ এয়া মই প্ৰতিশ্ৰুতি বদ্ধ৷’’ ইমানে মঞ্চ পৰা এগৰাকী জনপ্ৰিয় গায়কৰ হাতৰ পৰা মাইক কাঢ়ি আনি বিধায়কগৰাকীয়ে উচ্চস্তৰে কয় বিদেশীক নালাগে আমাক৷ বিদেশা নালাগে আমাক আৰু বিদেশী আমি নানো৷ হিন্দু বাংলাদেশীক সংস্থাপন দিলে বিধায়কে এৰি দিব বিধায়ক পদ। বিদেশী অহাৰ পিছত বিধায়ক এৰি দিলে কি লাভ হ’ব বুলি প্ৰশ্ন উত্থাপন কৰে ৰাইজে?