
চাবুৱাঃ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গৃহ জিলাৰ চাবুৱাত মাঘ বিহুৰ দিনটোতে এগৰাকী সাংবাদিকক মাজ নিশা সেনাৰ পোছাকত অহা দল এটাই ঘৰৰ পৰা উঠাই নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ চোৰ, ডকাইত, সন্ত্ৰাসবাদীৰ দৰে এগৰাকী নিষ্ঠাৱান সাংবাদিকক সেনাৰ পোছাকত অহা এটা দলে মাজ নিশা উঠাই অনা ঘটনাক সহজে লব পৰা নাই ৰাইজে৷

সাংবাদিকগৰাকীক নিজ ঘৰৰ পৰা মাৰ-ধৰ কৰি উঠাই নিয়াৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ডিব্ৰুগড় জিলাৰ চাবুৱাত৷ সামৰিক পোছাকাত অহা দলটোৱে শুকুৰবাৰে মাজ নিশা প্ৰথমে সাংবাদিকজনৰ ঘৰৰ চৌহদত প্ৰৱেশ কৰে৷ তাৰ পিছত সাংবাদিকগৰাকীক ঘৰৰ পৰা মাতি উলিয়াই আনি বেয়াকৈ মাৰধৰ কৰাৰ অভিযোগ উত্থাপন হয়৷

তাৰ পিছতে গাড়ীত উঠাই লৈ আহে সামৰিক পোছাকত অহা দলটোৱে৷ ডিৱাই-৩৬৫ৰ চাবুৱাৰ সংবাদদাতা স্বৰুপজ্যোতি চেতিয়াক নিশা প্ৰায় ১-৩০ বজাত সেনাই উঠাই অনাৰ সন্দেহ কৰে পৰিয়ালে৷ সাংবাদিকগৰাকী নিশাৰে পৰা ক’ত আছে সেই স্থানীয় প্ৰশাসনে পৰিয়ালক অৱগত কৰা নাই৷
ইপিনে সাংবাদিকজনক সেনাই ঘৰৰ পৰা নিশাই প্ৰচাৰ হোৱাক ৰাইজ উত্তেজিত হৈ পৰে ৰাইজ৷ শনিবাৰে পুৱাৰ পা চাবুৱাত মটক যুৱ ছাত্ৰ পৰিষদ, অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, মটক যুৱ-ছাত্র সন্মিলন, ছাত্র মুক্তি সংগ্ৰাম সমিতিয়ে সাংবাদিকজনক মুক্তি দিয়াৰ লগতে সাংবাদিকজনক ক’ত ৰখা হৈছে সেই কথা ৰাজহুৱা কৰাৰ দাবীত ঘাইপথ অৱৰোধ কৰি উত্তাল পৰিৱেশৰ সৃষ্টি কৰে৷ ফলত ঘাইপথত আৱদ্ধ হৈ হৈ পৰিছে শ-শ যান-বাহন৷ চাবুৱাৰ চেতিয়া পথাৰ গাঁৱৰ সাংবাদিকগৰাকীৰ ঘৰত নিশা তালাচী চলোৱাৰ লগতে উঠাই নিয়াৰ সময়ত সেনাৰ সৈতে আৰক্ষীৰ লোকো থকা বুলি জানিব পৰা যায় পৰিয়ালৰ পৰা।