
newsnextone.com | চাবুৱাঃ ডিব্ৰুগড় জিলাৰ ব্যস্ত টাউন চাবুৱাত দিনক দিনে যান-জোঁট বৃদ্ধি পাই আহিছে৷ শিক্ষানুষ্ঠান, ব্যৱসায় প্ৰতিষ্ঠান, চৰকাৰী-বেচৰকাৰী কাৰ্যালয় আদিৰ ভৰি পৰা টাউন খনত নিতৌ সৃষ্টি হয় যান-জোঁট৷ স্কুলীয়া ছাত্ৰ-ছাত্ৰী, ৰিক্সা, বাইক, শ-শ সৰু-বৰ গাড়ীৰ সংখ্যা বৃদ্ধি পাই অহাত যান-জোঁট ক্ৰমে বৃদ্ধি হোৱাত সময়ে সময়ে ৰাইজ সমস্যাত পৰে৷
যোৱা কেইবাটাও দিনত টাউন খনৰ বিভিন্ন ঠাইত ব্যাপক যান-জোঁটৰ সৃষ্টি হৈছে৷ সময়ে সময়ে স্থানীয় আৰক্ষীৰ বিৰুদ্ধে যান-জোঁট নিয়ন্ত্ৰণ ৰোধ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হয় যদিও মঙলবাৰে ৰাজপথলৈ ওলাই আহিল খোদ চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰসন্ন সোণোৱাল৷ নিজে ৰাজপথত থিয় দি গাড়ী-মটৰ আতৰাই ৰাজপথৰ যান-জোঁট ভাঙি দিয়া দেখা যায়৷
আৰক্ষী বিষয়াগৰাকীক স্থানীয় অতিষ্ঠ ৰাইজে সহায় কৰা পৰিলক্ষিত হয়৷ চাবুৱা নগৰৰ মাজেৰে পাৰ হৈ যোৱা ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে দাতিত ৬-১০ চকীয়া সামগ্ৰী কঢ়িওৱা ট্ৰাককে আদি কৰি ৰখাই থোৱাৰ ফলত ৰাইজে দীৰ্ঘদিনৰ পৰা যাতনা ভূগি আহিছে।
তাৰ মাজতে, চাবুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৰাজপথলৈ ওলাই আহি গাড়ী-মটৰ আতৰাই পুনৰ যান-জোঁট নকৰিবলৈ সকীয়াই দিয়ে। আৰক্ষী বিষয়াগৰাকীৰ এনে পদক্ষেপক অঞ্চলটোৰ ৰাইজে প্ৰশাংসা কৰে।