
চাবুৱা/ডিব্ৰুগড়ঃ ডিব্ৰুগড় জিলাৰ চাবুৱাত ৯ সংগঠনে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ কেন্দ্ৰীয় চৰকাৰে সংশোধন কৰি হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰিব বিচৰা কাৰ্যক চাবুৱাত ৯টাকৈ সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ কাৰ্যসূচী ৰূপায়ণ কৰে। অসম জাতীয়তাবাদী যুৱ-ছাত্র পৰিষদ, ছাত্র মুক্তি সংগ্ৰাম সমিতি, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ, ভাৰত ছাত্ৰ ফেডাৰেচন, সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলন, ভাৰত গণতান্ত্ৰিক যুৱ ফেডাৰেচন, মটক ছাত্ৰ সন্থা, সন্মিলিত অসমীয়া যুৱ শক্তি আৰু অসম অনুসূচীত জাতি যুৱ ছাত্ৰ সন্থাৰ ৰ চাবুৱা অাঞ্চলিক সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷
চাবুৱা চাৰিআলিত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি পৰিৱেশ উত্তাল কৰি তোলে সংগঠনকেইটাই৷ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিৰ নেতৃত্বত প্ৰতিবাদ সাব্যস্ত কৰি কেন্দ্ৰীয় অাৰু ৰাজ্যৰ চৰকাৰে হিন্দু-বাংলাদেশী অসমত সংস্থাপিত কৰাৰ যি প্ৰচেষ্টা অব্যাহত ৰাখিছে তাক ধিক্কাৰ দি মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল জাতীয় নায়ক হৈ থকা নাই এতিয়া অসমীয়া জাতি বন্ধকত ৰাখি খলনায়কলৈ পৰিণত হ'ল বুলি কটাক্ষ কৰে সংগঠনকেইটাই৷
আনহাতে সদৌ অসম জাতীয়তাবাদী যুৱ সন্মিলনৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক চন্দন দাসে জাতি মাটি ভেটিৰ স্বাৰ্থত গাদী দখল কৰা চৰকাৰখনে এতিয়া ওলোটা শৰ মাৰিছে বুলি কয়৷ অানহাতে অসম জাতীয়তাবাদী যুৱ ছাত্র পৰিষদৰ চাবুৱা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক ৰাজীৱ দাসে বৰ্তমান বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৬ সংসদত গৃহীত কৰি অসমত লাখ লাখ হিন্দু-বাংলাদেশীক সংস্থাপিত কৰাৰ কুটিল ৰাজনৈতিক ষড়যন্ত্ৰ কৰিছে।
জাতি-মাটি আৰু ভেটি সুৰক্ষিত কৰাৰ সপোন দেখুৱাই অসমত গাদী দখল কৰা বিজেপি চৰকাৰখনে অসমৰ সহজ সৰল ৰাইজ তথা জনগণক চৰম প্ৰতাৰণা কৰিছে বুলি কয়। সংগঠনকেইটাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল হায় হায়, অসম বাংলাদেশীৰ চৰণীয়া পথাৰ হবলৈ দিয়া নহব, শীঘ্ৰে নাগৰিকত্ব সংশোধনী আইন ২০১৬ বাতিল কৰক, জাতীয় নায়ক সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ আদি শ্ল’গানেৰে প্ৰায় ১ ঘন্টা সময় ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ ৰাজ পথতে প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোডী অাৰু মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰে সংগঠনকেইটাই৷