আমাৰ সমীপৰ গাঁৱৰ মানুহ মুখ্যমন্ত্ৰী, অসমীয়াই প্ৰতিবাদ কৰিব লগা হোৱাৰ বাবে দুখ পাইছোঁ

newsnextone.com |  চাবুৱাঃ বুধবাৰে ডিব্ৰুগড় জিলাৰ চাবুৱাত কেইবাখনো গাঁৱৰ লোকে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কেইগৰাকীমান যুৱকৰ নেতৃত্বত চাবুৱাৰ তথা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ গাঁৱৰ সমীপৰে খাৰজান, মূদৈ আৰু ভঁৰলুৱা, জেৰাই গাঁও আদি গাঁৱৰ আবাল, বৃদ্ধ বনিতাই ঘৰৰ পৰা ওলাই আহি বিভিন্ন শ্ল’গানেৰে উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ হাতে হাতে জোঁৰ লৈ ৰাজপথলৈ ওলাই আহি চৰকাৰ বিৰোধী শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে শ-শ লোকে৷

বিজেপি চৰকাৰৰ বিৰুদ্ধে আৰু নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত কেইবা খনো গাঁৱৰ লোকে বাংলাদেশী গ’বেক, কেন্দ্ৰীয় চৰকাৰ হুঁচিয়াৰ, জাতিধ্বংসী বিধেয়ক বাতিল কৰক, আমাৰ দাবী মানি লওক, জয় আই অসম আদি শ্ল’গানেৰে খাৰজান, মূদৈ আৰু ভঁৰলুৱা গাঁৱৰ ৰাজপথ কপাই তোলে। ভঁৰলুৱা গাঁৱৰ পৰা আৰম্ভ কৰা জোঁৰ সমদলত চাবুৱাৰ কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনৰ নেতা-কৰ্মী উপস্থিত থাকে৷ 

সমদলত অংশ লোৱা গাঁৱৰ সাধাৰণ লোকে কোনো কাৰণতে এই বিধেয়ক আমি মানি নলও বুলি কয়৷ বহু মহিলাই আমি লাগিলে মৰিবলৈ সাঁজু আছো বুলি কৈ সৰ্বানন্দ সোণোৱালক ধিক্কাৰ দিয়ে৷ এগৰাকী মহিলাই আমাৰ সমীপৰ গাঁৱৰে মানুহ মুখ্যমন্ত্ৰী বুলি কয়৷ আজি অসমীয়াই প্ৰতিবাদ কৰিব লগীয়া হোৱাৰ বাবে দুখ পাইছো৷ অসমৰ ৰাইজে আজি প্ৰতিবাদ কৰিব লগা হৈছে এয়া দুখৰ বিষয়৷

প্ৰতিবাদী জোঁৰ সমদলত চাবুৱা নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী মঞ্চৰ কাৰ্যকৰী সভাপতি দেৱঋষি চেতিয়া, যুটীয়া সম্পাদক ধ্ৰুৱজ্যোতি গোঁহাই, উপ-সভাপতি দিবন ফুকন, সদৌ মটক যুৱ-ছাত্ৰ সন্মিলনৰ কেন্দ্ৰীয় পৰিৱেশ আৰু পৰ্যতন বিভাগৰ সম্পাদক তৰুণ ফুকন, সদৌ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলাৰ সভাপতি লাজাৰ নন্দ, মটক মহিলা পৰিষদৰ কেন্দ্ৰীয় সম্পাদিকা ৰূপালী গগৈ, মটক মহিলা পৰিষদৰ সাংগঠনিক সম্পাদিকা ববী গগৈয়ে অংশ লয়৷