ৰাজ্যত চকা বন্ধৰ ব্যাপক প্ৰভাৱ, পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিয়ে কৰিলে জনজীৱন ব্যাহত

newsnextone.com | গুৱাহাটীঃ দেশৰ জনগণক অচ্ছে দিন উপহাৰ দিব খোজা প্ৰধানমন্ত্ৰী মোডীৰ বিৰুদ্ধে বিতুষ্ট হৈ পৰিছে দেশৰ জনসাধাৰণ৷ কংগ্ৰেছে ৭০ বছৰত কৰিব নোৱাৰা কাম ৬০ মাহত কৰিম বুলি প্ৰতিশ্ৰুতি দিয়া নৰেন্দ্ৰ মোডীয়ে দেশৰ সাধাৰণ জনগণক ন্যায় দিব নোৱাৰিলে বুলি অভিযোগ উত্থাপন হৈছে৷

ফলত আজি সমগ্ৰ দেশৰ লোক বিভিন্ন দিশত হাহাকাৰ কৰিব লগা হৈছে বুলি অভিযোগ উত্থাপন হৈছে৷ কৃষকৰ ঋণ মাফ, শিক্ষা ব্যৱস্থাৰ উন্নয়ন, পথ নিৰ্মাণ আৰু
নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ অভিযোগ উত্থাপন হৈ আহিছে মোডীৰ বিৰুদ্ধে৷

চৰকাৰ গঠন কৰাৰ পিছৰে পৰা প্ৰতি বিধ সামগ্ৰীৰ মূল্যবৃদ্ধি কৰাৰ ফলত ৰাইজ ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ কৰিব লগা হৈছে৷ বিশষকৈ নিতৌ পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি হোৱাত দেশৰ সাধাৰণ নাগৰিকে জ্বলাকলা খাব লগা হৈছে৷ দেশৰ বিভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰিছে পেট্ৰ’ল আৰু ডিজেলৰ মূল্যবৃদ্ধি বিৰুদ্ধে৷

সমানে প্ৰতিবাদ হৈছে অসমতো৷ সোমবাৰে পুৱাৰে পাৰ সদৌ অসম মটৰ পৰিবহন সন্থা ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচী ঘোষণা কৰে৷ দুদিন পূৰ্বে ঘোষণা কৰা ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্যসূচীৰ সৰ্বাত্মক প্ৰভাৱ ৰাজ্যত৷ উজনি-নামনিৰ সকলো জিলাতে চকা বন্ধ কাৰ্যসূচীৰ প্ৰভাৱ পৰে৷ নামনিৰ বৰপেটা, বাক্সা, কোকৰাঝা, ধুবুৰী আদি জিলাত বন্ধৰ ব্যাপক প্ৰভাৱ পৰে৷

আনহাতে উজনিৰ গোলাঘাট, তিনিচুকীয়া, ডিব্ৰুগড়, মধ্য অসমৰ তেজপুৰত বন্ধৰ প্ৰভাৱ পৰা পৰিলক্ষিত হয়৷ চকা বন্ধৰ ফলত একপ্ৰকাৰ জনজীৱন ব্যাহত হৈ পৰে৷ ৰাজপথত একেবাৰেই কম সংখ্যাক যান-বাহন চলাচল কৰা পৰিলক্ষিত হৈছে৷

কোনো কোনো ঠাইত যাত্ৰীবাহী বাছৰ লগতে টেম্প’, মেজিক, ট্ৰেকাৰ আদিৰো চলাচল বন্ধ থকা দেখা যায়। ৰাজ্যৰ ৰাজধানী গুৱাহাটী মহানগৰীতো চকা বন্ধৰ প্ৰভাৱ পৰা দেখা যায়৷ মূল্যবৃদ্ধিৰ বিৰুদ্ধে মটৰ পৰিবহণ সন্থাই আহ্বান জনোৱা চকা বন্ধ কাৰ্যসূচীক বহু লোকে সমৰ্থন জনায়৷