যিকোনো প্ৰকাৰে বিজেপিক ৰোধিব লাগে... ৰাহুলক সাক্ষাৎ চন্দ্ৰবাবু নাইডুৰ

নতুন দিল্লীঃ লোকসভা নিৰ্বাচন শেষ হ’বলৈ আৰু মাত্ৰ এটা পৰ্যায় থকাৰ সময়ত বিজেপিক যিকোনো প্ৰকাৰে ৰোধিবৰ বাবে বিৰোধী দলসমূহৰ মাজত তৎপৰতা বৃদ্ধি পাইছে৷ 

এই উদ্দ্যশ্যৰে শনিবাৰে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা টিডিপিৰ মুৰব্বী চন্দ্ৰবাবু নাইডুৱে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰে৷ অহা ২৩ মে’ত নিৰ্বাচনৰ ফলাফল ঘোষণা হোৱাৰ পাছত সাম্ভাব্য সকলো পৰিস্থিতিৰ বিষয়ে তেওঁলোকৰ মাজত আলোচনা হয় আৰু বিজেপিয়ে যাতে কোনো পধ্যে পৰৱৰ্তী চৰকাৰ গঠন কৰিব নোৱাৰে, সেই সন্দৰ্ভত আলোচনা কৰে৷ 

বিজেপি-বিৰোধী দলসমূহক একত্ৰিত কৰাত মুখ্য ভূমিকা গ্ৰহণ কৰা চন্দ্ৰবাবু নাইডুৱে ৰাহুল গান্ধীক সাক্ষাৎ কৰাৰ পূৰ্বে চিপিআই নেতা সুধাকৰ ৰেড্ডী আৰ ডি ৰাজাকো সাক্ষাৎ কৰিছে৷ এনচিপিৰ মুৰব্বী শ্বাৰদ পাৱাৰ আৰু এলজেডিৰ নেতা শ্বাৰদ যাদৱকো নাইডুয়ে আজি সাক্ষাৎ কৰাৰ কথা৷ 

আজি নিশাৰ ভাগলৈ তেওঁ লক্ষ্নৌত বহুজন সমাজ পাৰ্টীৰ মুৰব্বী মায়াৱতী আৰু সমাজবাদী পাৰ্টীৰ সভাপতি অখিলেশ যাদৱকো সাক্ষাৎ কৰিব৷

ৰাহুল গান্ধীৰ সৈতে হোৱা এঘন্টীয়া বৈঠকত সকলো বিৰোধী দলকে একগোট হৈ থকাৰ প্ৰয়োজনীয়তাৰ সন্দৰ্ভত আলোচনা কৰে৷ 

এক সূত্ৰই প্ৰকাশ কৰা মতে, ২৩ তাৰিখে ঘোষিত হ’বলগীয়া ফলাফলত যদি বিজেপিয়ে একক সংখ্যাগৰিষ্ঠতাতকৈ কম আসন লাভ কৰিও চৰকাৰ গঠনৰ দাবী উত্থাপন কৰে, তেন্তে তেনে পৰিস্থিতিৰ মোকাবিলা কৰিবৰ বাবে কংগ্ৰেছৰ সভাপতিজনক কৌশল ৰচনা কৰি থ’বলৈ নাইডুৱে আহ্বান জনায়৷ 

নাইডুয়ে ইতিমধ্যে তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীৰ সৈতেও ফোন যোগে যোগাযোগ অব্যাহত ৰাখিছে৷ আম আদমী পাৰ্টীৰ মুৰব্বী তথা দিল্লী মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল আৰু চিপিআইএম নেতা সীতাৰাম য়েচুৰীকো তেওঁ পূৰ্বে সাক্ষাৎ কৰিছে৷

আনহাতে, এনডিএৰ অংশীদাৰ তেলেংগানা ৰাষ্ট্ৰ সমিতি আৰু আন কেতবোৰ বিজেপিৰ মিত্ৰ দলৰ লগতো নাইডুৱে যোগাযোগ অব্যাহত ৰাখি প্ৰস্তাৱ আগবঢ়াইছে যে নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পাছত তেওঁলোকে যদি গ্ৰেণ্ড এলায়েন্সত যোগদান কৰিব বিচাৰে, তেন্তে তেওঁলোকক আদৰি লোৱা হ’ব৷