উজনিত শক্তিশালী নেকি আলফা? সোণাৰিত বোমা উদ্ধাৰ, আৰক্ষীৰ কপালৰ ঘাম মাটিত পেলালে আলফাই

সোণাৰিঃ তিনিচুকীয়া জিলাৰ বৰডুমচা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ভাস্কৰ কলিতাৰ আলফা স্বাধীনৰ সৈতে হোৱা সংঘৰ্ষত মৃত্যুৰ পিছতে সমগ্ৰ উজনি অসমত সেনা-আৰক্ষীৰ অভিযান অব্যাহত আছে৷ অভিযানৰ মাজতে উজনি অসমত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছে নেকি আলফাই৷ ইয়াকে লৈ প্ৰশ্ন উত্থাপন হৈছে। 

আলফাক নিয়ন্ত্ৰণ কৰাত বিফল হৈছে নেকি অসম আৰক্ষী৷ যোৱা ৬০ ঘণ্টাৰ উজনি অসমৰ ছবি খন প্ৰত্যক্ষ কৰি এনে প্ৰশ্ন উত্থাপন হৈছে জনসাধাৰণৰ মনত৷

উজনিৰ কেইবাখনো জিলাত উগ্ৰপন্থীৰ ধনদাবী, আক্ৰমণকে ধৰি বিভিন্ন কূটাঘাটমূলক ঘটনা সংঘটিত হৈ অহাৰ সময়তে উজনিৰ চৰাইদেউ জিলাত অস্ত্ৰ-শস্ত্ৰৰে সু-সজ্জিত আলফাৰ দল প্ৰৱেশ কৰিছে বুলি প্ৰচাৰ হৈছে৷ 

যোৱা ৬ ফেব্ৰুৱাৰীত অস্ত্ৰধাৰী আলফাৰ দল এটাই চৰাইদেউ জিলাৰ সোণাৰি আৰক্ষী থানাৰ অন্তৰ্গত কানু চাহ বাগিচাত অঞ্চলত প্ৰৱেশ কৰি ভয়াবহ আক্ৰমণৰ সংঘটিত কৰিছিল৷ ইমানে নহয় বৰহাট চাহ বাগিচাত আক্ৰমণ সংঘটিত কৰিছিল আলফাৰ দলে৷ বিভিন্ন লোকক ধন দাবী কৰিছিল আলফাই৷\

তাৰ মাজতে সেনা, অৰ্ধসামৰিক বাহিনী, আৰক্ষীয়ে গিজগিজাই থকা জিলা খনত ধন দাবী-বোমা সংস্থাপন কৰি অসম আৰক্ষীৰ কপালৰ মাটিত পেলালে আলফাই৷ দেওবাৰে চৰাইদেউ জিলাৰ খাপেখাটি আৰক্ষী থানাৰ অন্তৰ্গত ভেচেলী পথাৰত উচ্চ ক্ষমতা সম্পন্ন বিদ্যুতৰ খুঁটাত আলফাই সংস্থাপন কৰা বোমা উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰে সমগ্ৰ উজনি অসমত৷ 

চৰাইদেউৰ সাংবাদিক ৰাজু সিংহাৰ মোবাইল নম্বৰত ৭০৮৫৮৯৬৪০৪ নম্বৰৰ পৰা ম্যানমাৰস্থিত আলফাৰ কেম্পৰ পৰা কোৱা বুলি কৈ বোমা সংস্থাপনৰ খবৰ দিয়ে দেওবাৰে৷ বিদ্যুতৰ খুঁটাত সংস্থাপন কৰা সক্ৰিয় বোমা কেইটা ফুটি জনসাধৰণৰ ক্ষতি হোৱাৰ পূৰ্বেই প্ৰশাসনৰ সহায়ত নিষ্কিয় কৰিবলৈ কয় সাংবাদিকগৰাকীক৷ 

সাংবাদিকগৰাকীয়ে এই কথা চৰাইদেউ জিলাৰ আৰক্ষী অধীক্ষকক জনোৱাৰ পিছতে পুনৰ উক্ত নম্বৰৰ পৰা ফোন কৰি বোমা কেইটা নিষ্কিয় কৰিবলৈ কয়৷ সাংবাদিকগৰাকীয়ে আৰক্ষীক খবৰ দিয়াৰ পিছতে ততাতৈয়াকৈ আৰক্ষী-সামৰিক-অৰ্ধাসামৰিক বাহিনী লগত লৈ লংপতিয়া, মিৰিপথাৰ, পেহীপুখুৰী আৰু হাতীপুখুৰীত তীব্ৰ অভিযান চলাই নিৰাপত্তাৰক্ষীয়ে৷ 

প্ৰায় ৬ ঘণ্টীয়া অভিযানৰ অন্তত ৰহন চাংমাই গাঁৱৰ ভেচেলী পথাৰত লাকুৱা তাপ বিদ্যুৎ প্ৰকল্পৰ বিদ্যুৎ সৰবৰাহ কৰা এটি উচ্চ ক্ষমতা সম্পন্ন টাৱাৰত বোমা উদ্ধাৰ কৰিবলৈ সক্ষম হয় নিৰাপত্তাপৰক্ষীয়ে৷ 

কিছুদিন পূৰ্বে আলফা স্বাধীন নিৰ্মল অসম নামৰ এগৰাকী কেডাৰ আৰক্ষীৰ জালত পৰিছিল আৰু নিৰ্মল অসমক লৈ দেওবাৰৰ অভিযান চলাইছিল অসম আৰক্ষীয়ে৷ জানিব পৰা মতে, আলফাই উক্ত অঞ্চলত তিনিটাকৈ বোমা সংস্থাপন কৰিছিল৷ যোৱা ২১ এপ্ৰিলত এটা বোমা বিস্ফোৰণ কৰিছিল যদিও দুটা বোমা বিস্ফোৰণ হোৱা নাছিল৷ 

স্থানীয় ৰাইজে প্ৰকাণ্ড শব্দ লাভ কৰিছিল যদিও সেয়া আকাশত ওলোৱা শব্দ বুলি ভাবিছিল৷ চৰাইদেউ জিলাৰ কানু চাহ বাগিচা, বৰহাট চাহ বাগিচা, ফুৱেল কোম্পানী আদিত আলফাৰ দল এটাই আক্ৰমণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিছিল৷ ইমানে নহয় চৰাইদেউ জিলাত বিভিন্ন ব্যৱসায়ীক ধন দাবী কৰাৰ লগতে ধন সংগ্ৰহ কৰি অহাৰ প্ৰচাৰ হৈছে৷

আনহাতে উজনিৰ একাংশ লোকে জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ আশংকাত পৰা বুলি মত পোষণ কৰে৷ আৰক্ষীয়ে উগ্ৰপন্থীক নিয়ন্ত্ৰণ কৰাত বিফল হৈছে বুলি অভিযোগ উত্থাপন কৰে৷