
চৰাইদেউঃ আহোম-মোগলৰ যুদ্ধৰ প্ৰধান হোতা দেশপ্ৰেম, সাহস, পৰিশ্ৰম, বুদ্ধি, সততা, কৰ্মনিষ্ঠাৰ প্ৰতীক লাচিত বৰফুকনক শুকুৰবাৰে স্মৰণ কৰে চৰাইদেউত৷ টাই আহোম যুৱ পৰিষদৰ সোণাৰি আঞ্চলিক সমিতিৰ উদ্যোগত আৰু চৰাইদেউ জিলা প্ৰশাসনৰ সহযোগত মহাবীৰ লাচিত দিৱসৰ উদযাপন কৰা হয়৷
সোণাৰি নগৰস্থিত লাচিত উদ্যানৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত চৰাইদেউ জিলাৰ উপায়ুক্ত বিবেকানন্দ ফুকনে বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে৷ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক ভাস্কৰ বৰুৱাই৷
সংগঠনটোৰ চৰাইদেউ জিলা সমিতিৰ সম্পাদক নৱদ্বীপ বৰুৱাই আঁতধৰা অনুষ্ঠানটোত চৰাইদেউ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক লামহাউ ডুংগল, শিক্ষক-সাংস্কৃতিক কৰ্মী মনি গগৈয়ে মহাবীৰ লাচিতৰ আদৰ্শ তথা জীৱন পৰিক্ৰমা সন্দৰ্ভত ভাষণ আগবঢ়ায়৷