
চৰাইদেউঃ চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত সোমবাৰে কেইবাটাও সংগঠনে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ অৰ্ধ শতাধিক নেতা-কৰ্মীয়ে ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি নগালেণ্ডক অসমৰ এক ইঞ্চি ভূমি নিদিয়াৰ হুংকাৰ প্ৰদান কৰে৷
ভাৰত চৰকাৰে এন এছআইএমৰ সৈতে ৰবপায়ণ কৰা ফ্ৰেমৱাৰ্ক এগ্ৰিমেন্ট ৰাজহুৱা কৰাৰ লগতে নগালিমত অসমৰ মাটি হস্তান্তৰ কৰিবলৈ দিয়া নহ’ব বুলি কয়৷ জিলা খনৰ সোণাৰি চহৰস্থিত চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সদৌ টাই আহোম ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ, বৃহত্তৰ অসমীয়া যুৱ মঞ্চ আৰু অসম চাহ জনজাতি ছাত্ৰ সন্থাই৷
সংগঠন কেইটাই চৰাইদেউ জিলাক পূৰ্ণ পৰ্যায়ৰ জিলা হিচাপে ঘোষণা কৰাৰ লগতে আন্তঃদেশীয় আৰু ভগ্নী ৰাজ্যসমূহৰ কেঁকোৰা চেপাত অসমৰ মানচিত্ৰ সংকুচিত হৈ অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰে৷ কোনো কাৰণত অসমৰ এক ইঞ্চি মাটিও যাতে বৃহত্তৰ নগালিমত অন্তৰ্ভুক্ত নকৰাৰ দাবী জনাই ১৯৬৩ চনৰ নাগালেণ্ড গঠনৰ চাৰিসীমা কাৰ্যকৰী কৰি অসমৰ সীমা সমস্যা সমাধান কৰাৰ দাবী জনায় সংগঠমকেইটাই৷ ইপিনে চৰাইদেউ জিলা ঘোষণা কৰা হ'ল যদিও নাম মাত্ৰ জিলাৰ কাম কাজ চলি থকাৰ বাহিৰে আজি পৰ্যন্ত পূৰ্ণাংগ জিলাৰ আন্তঃগাঠনি সম্পুৰ্ণ নোহোৱাত সংঘঠনকেইটাই তীব্ৰ ক্ষোভ ব্যক্ত কৰে৷