ইটোৰ পিছত সিটো ধৰ্ষণ-নিৰ্যাতন, চৰাইদউত ধৰ্ষণৰ অপচেষ্টা দুই দুৰ্বৃত্তৰ

প্ৰতিকী ফটো,উৎস ইন্টাৰনেট
প্ৰতিকী ফটো,উৎস ইন্টাৰনেট

newsnextone.com | চৰাইদেউঃ ধৰ্ষণৰ কাণ্ডই কঁপাই তুলি আছে সমগ্ৰ দেশ৷ দেশৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ এটাৰ পিছত এটাকৈ সংঘটিত হোৱা ধৰ্ষণ আৰু নাৰী নিৰ্যাতনৰ ঘটনাই নাৰী জাতিটোক সংকিত কৰি তোলা পৰিলক্ষিত হৈছে৷ চৰকাৰে ধৰ্ষণ প্ৰতিৰোধৰ বাবে যিমানেই কঠোৰ আইন বলবৎ নকৰক কিয়, কোনোপধ্যেই কম হোৱা নাই ধৰ্ষণৰ ঘটনা৷

এফালে নাৰীক পুৰুষৰ সমানে প্ৰধান্যতা দিয়া বুলি দাবী কৰি আহিলেও আনফালে নাৰী সুৰক্ষাৰ ক্ষেত্ৰতে মুখ থেকেচা খাইছে চৰকাৰ কিম্বা প্ৰশাসনে৷ ভাৰতৰ বিভিন্ন অঞ্চলৰ লগতে অসমতো নাৰী নিৰ্যাতনৰ ঘটনা দিনক দিনে বাঢ়ি অহা দেখিবলৈ পোৱা গৈছে৷ মানুহ যিমানেই শিক্ষিত হৈছে, সিমানেই ভিতৰি যেন জাগিব ধৰিছে অমানুষিক আচৰণ৷ চলে-বলে-কৌশলেৰে হ’লেও নিজৰ কামনা চৰিতাৰ্থ কৰাৰ ক্ষেত্ৰত পুৰুষ নামি পৰিছে হিংসাত্মক কাৰ্যকলাপত৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত শিশুকে ধৰি বৃদ্ধ নাবালিকা সকলোকে ধৰ্ষণৰ অপচেষ্টা চলোৱাৰ ঘটনা প্ৰতিদিনে বাতৰিৰ শিৰোনামা দখল কৰিছে৷ শেহতীয়াকৈ ৰাজ্যখনত সংঘটিত হোৱা আন এক নিৰ্যাতনৰ ঘটনাই ৰাজ্যবাসীক ভিতীগ্ৰস্থ কৰাৰ লগতে নাৰী সুৰক্ষাক ভেঙুচালি কৰা পৰিলক্ষিত হৈছে৷

দেওবাৰে নিশা চৰাইদেউ জিলাৰ সাপেখাটিত সংঘটিত হয় এনে এক কাণ্ড৷ জানিব পৰা মতে, দেওবাৰে নিশা ৮ জনীয়া এটা অস্ত্ৰধাৰী দুৰ্বৃত্তৰ দলে ঘোঁৰাজান চাহ বাগিচাত প্ৰৱেশ কৰি সন্ত্ৰাস চলায়৷ তদুপৰি ২ অস্ত্ৰধাৰী দুৰ্বৃত্তই ঘোঁৰাজান বাগিচাৰ ১২ নং লাইনত থকা এটি পৰিয়ালত প্ৰৱেশ কৰি পৰিয়ালটোৰ দুগৰাকী মহিলাক বলপূৰ্বক ধৰ্ষণৰ চেষ্টা চলায়৷ 

অস্ত্ৰধাৰী দুৰ্বৃত্ত দুজনে অস্ত্ৰ দেখুৱাই মহিলা দুগৰাকীক ধৰ্ষণ কৰাৰ চেষ্টা চলাওতে মহিলা দুগৰাকীয়ে চিঞৰ বাখৰ কৰাত ওচৰ চুবুৰীয়াসকল সাৰ পাই লৱৰি আহে৷ পিছত স্থানীয় ৰাইজৰ উপস্থিতিৰ উমান পাই দুৰ্বৃত্ত দুজনে অন্ধকাৰৰ সুযোগ লৈ পলাই যাবলৈ সক্ষম হয়৷

আনহাতে, এই ঘটনাৰ পিছতে অঞ্চলটোৰ ৰাইজ তথা মহিলাসকল ভিতীগ্ৰস্থ হৈ পৰে৷ পূৰ্বেও অঞ্চলটোত দুৰ্বৃত্তই প্ৰৱেশ কৰি সন্ত্ৰাস চলোৱা বুলি অভিযোগ উত্থাপন কৰি ৰাইজে অঞ্চলটোৰ সুৰক্ষাৰ স্বাৰ্থত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনক আহ্বান জনায়৷