
newsnextone.com | পৰ্বতঝোৰাঃ স্বাস্থ্য কেন্দ্ৰ নহয় যেন শৌচাগাৰহে৷ একাংশ পৰিয়ালৰ লোকে শৌচাগাৰ হিচাপি ব্যৱহাৰ কৰে এটি স্বাস্থ্য কেন্দ্ৰক৷ উন্নয়নৰ ফটা ঢোল কোবাই থকা স্বাস্থ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাই খোদ দেখিলে হায়ৰাণ হৈ পৰিব এয়া মোৰ বিভাগৰ এটি অনুষ্ঠান হয় নে নহয় বুলি৷
স্বাস্থ্য কেন্দ্ৰটোত কেইবাটাও কোঠা আছে কিন্তু কোনো কোঠাৰ দুৱাৰ খিৰিকী নাই৷ দুৱাৰ খিৰিকীৰ কাঠবোৰ ইটা আৰু প্লাষ্টাৰৰ পৰা এৰি গৈছে৷ কোঠাসমূহৰ তলিবোৰ উঠি গৈছে৷
নিশা মদৰ আড্ডা, দিনত গৰু থিতাপি লোৱা ঠাই আৰু পুৱাই দুটা কোঠা শৌচাগাৰ হিচাপে ব্যৱহাৰ হয়৷ এয়া হৈছে গ্ৰাম্য এলেকাৰ স্বাস্থ্য খণ্ডৰ প্ৰকৃত ৰূপ৷ কেন্দ্ৰ-ৰাজ্য চৰকাৰে স্বাস্থ্য খণ্ডৰ উন্নয়নৰ নামত কোটি কোটি টকা খৰছ কৰে যদিও সেয়া গ্ৰাম্য এলেকাৰ বাবে ফুটুকাৰ ফেন হৈ পৰে৷
এই স্বাস্থ্য কেন্দ্ৰটো আছে মডেল বিটিএডিত৷ বিটিএডিৰ কোকৰাঝাৰ জিলাৰ পৰ্বতঝোৰাত আছে এই স্বাস্থ্য কেন্দ্ৰটো৷ কোকৰাঝাৰ জিলাৰ কাজিগাঁও আৰক্ষী থানাৰ অন্তৰ্গত দেবীতোলাৰ খুটাবাগৰাত আছে উপ-স্বাস্থ্য কেন্দ্ৰটোত বছৰ বছৰ ধৰি নাই কোনো সা-সৰঞ্জাম, চিকিৎসক৷
দেবীতোলা ভিচিডিচিৰ অন্তৰ্গত প্ৰায় ৩০ খন গাঁৱৰ ৰাইজে স্বাস্থ্য সেৱাৰ বাবে খুটাবাগৰা উপ-স্বাস্থ্য কেন্দ্ৰক নিৰ্ভৰ কৰে৷ কিন্তু বছৰ বছৰ ধৰি চিকিৎসক নথকাৰ বাবে স্বাস্থ্য কেন্দ্ৰটোৰ গৃহ জহি-খহি গৈছে৷ যোৱা প্ৰায় ১৫ বছৰ ধৰি স্বাস্থ্য কেন্দ্ৰটো মেৰামতি নকৰাৰ ফলত গৃহটোৰ পয়ালগা অৱস্থা হৈ পৰিছে৷
স্বাস্থ্য কেন্দ্ৰটো শৌচালয়ত পৰিণত হোৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজে ৫০-৬০ কিলোমিটাৰ নিলগৰ চিকিৎসালয়লৈ যাব লগা হয়৷ প্ৰসূতি, শিশু-বৃদ্ধা ৰোগীয়ে হাহাকাৰ কৰিব লগা হয়৷ উপ-স্বাস্থ্য কেন্দ্ৰটো দীৰ্ঘ দিন ধৰি জৰাজীৰ্ণ হৈ থকাৰ পিছতো ঘৰতে বহি কেইবাজনো চৰকাৰী কৰ্মচাৰীয়ে দৰমহা ভোগ কৰি আহিছে৷ উপ-স্বাস্থ্য কেন্দ্ৰটো পুনৰ মেৰামতি কৰি চিকিৎসক-নাৰ্ছ নিযুক্তি দিবলৈ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীক ৰাইজে দাবী জনায়৷